ভয়ংকৰ কুটাঘাটৰ পৰা কথমপি ৰক্ষা পৰিল মহানগৰী : বশিষ্ঠ চাৰিআলিত উদ্ধাৰ হস্তনিৰ্মিত বোমা

এক ভয়ংকৰ বিষ্ফোৰনৰ পৰা আজি কথমপি ৰক্ষা পৰিল গুৱাহাটী মহানগৰী। বশিষ্ঠ আৰক্ষীয়ে আজি পুৱা এক অভিযান চলাই এখন আল্ট্ৰা বাছৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাক লৈ বশিষ্ঠ চাৰিআলিত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে বৰপেটাৰ পৰা খানাপাৰা অভিমুখে আহি থকা এ এছ ১৫ চি ৮৩০২ নম্বৰৰ আল্ট্ৰা বাছখনক লখৰাৰ পৰা আৰক্ষীৰ এটা দলে অনুসৰণ কৰি বশিষ্ঠ চাৰিআলিত বাছখন জব্দ কৰি হস্তনিৰ্মিত বোমা সুমুৱাই অনা এটা সেউজিয়া ৰঙৰ বেগ উদ্ধাৰ কৰে।

 

বাছখনৰ চালক ধৰ্মেন্দ্ৰ কলিতা আৰু হেণ্ডিমেন নব কলিতাক আৰক্ষীয়ে আটক কৰি বৰ্তমান সোধ-পোচ অব্যাহত ৰাখিছে। আনহাতে ড্ৰাইভাৰ হেণ্ডিমেনে জনোৱা অনুসৰি বেগটো কোনে ক’ত উঠাইছিল সেই বিষয়ে তেওঁলোক অবগত নহয়।

উল্লেখযোগ্য যে যাত্ৰীবাহী বাছখনত ৩০ জন যাত্ৰী আছিল।

পিছত বিশেষ বাহনেৰে খানাপাৰা খেলপথাৰলৈ আনি বিশেষজ্ঞৰ দ’লে বোমাটোক নিষ্ক্ৰিয় কৰে।

আনহাতে, গুৱাহাটীত বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত তদন্ত চলিব বুলি জানিবলৈ দি যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমক কয় যে সকলো যাত্ৰীকে এই সন্দৰ্ভত সোধ-পোছা কৰা হৈছে।