ভৱানীপুৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ প্ৰাথমিক শিক্ষক সন্মিলনীৰ

howly

শিক্ষকসকলৰ ৯ দফীয়া দাবীৰ সমৰ্থনত আজি সমগ্ৰ অসমৰ লগতে হাউলীতো কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।  ভৱানীপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকক উচিত মৰ্যাদা প্ৰদান কৰাৰ দাবীত তলাবন্ধ কাৰ্যসূচী পালন কৰে। ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানক্ৰমে এই তলাবন্ধ কাৰ্যসূচী পালন কৰা হয়।

চৰকাৰৰ হঠকাৰী সিদ্ধান্তত অসন্তুষ্ট হৈ পৰা প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষকে তেওঁলোকৰ উচিত মৰ্যাদাসহ নিৰ্ধাৰিত গ্ৰেড পে আদায় সহ ৯ দফীয়া দাবীৰ সমৰ্থনত এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদকাৰী  শিক্ষক-শিক্ষয়িত্ৰী সকলে অসম চৰকাৰ হায়, হায়, শিক্ষামন্ত্ৰী হায়, হায়, প্ৰাথমিক শিক্ষকৰ মাজত বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনা চৰ্তে নিয়মীয়া কৰক, বৃত্তি পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কাৰণ তদন্ত কৰক, জিলা ভিত্তিত টাইমস্কেল পদোন্নতিৰ সুবিধা লাভৰ সুযোগ দিয়ক আদি শ্লোগানেৰে কাৰ্যালয় চৌহদত আকাশ-বতাহ কঁপাই তোলে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মোকাদ্দেছ আলী, সাধাৰণ সম্পাদক আব্দুল কৰিম, সহঃ সম্পাদক নাজিম উদ্দিনকে আদি কৰি প্ৰায় তিনি শতাধিক শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে।

চৰকাৰে অনতিপলমে তেওঁলোকৰদাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সঁকীয়নি প্ৰদান কৰে ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনৰ  সভাপতি মুকাদ্দেছ আলীয়ে।