• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম’ডেলিটি প্ৰস্তুতৰ প্ৰাথমিক কামেই হোৱা নাই : চৰকাৰৰ প্ৰতাৰণা দেখি ক্ষুভিত ৬ জনগোষ্ঠীৰ প্ৰতিনিধি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 20, 2018 6:02 pm
ST_Status_1

৬ জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে আজি দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত এই জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিসকলৰ সৈতে আজি দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ ছবিখন দেখি ক্ষোভত ফাটি পৰিছে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিসকল।

আজি বৈঠকখন সম্পূৰ্ণৰূপে বিফল হোৱা বুলি নিজ মুখে দাবী কৰিলে জনগোষ্ঠীয় নেতৃবৃন্দই। জনজাতিৰ মৰ্য্যাদা দিয়া প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়ে কোনো প্ৰকাৰেই আশ্বস্ত কৰিব নোৱাৰিলে ৬ জনগোষ্ঠীৰ প্ৰতিনিধিসকলক।

উল্লেখযোগ্য যে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু আহোম –অসমৰ এই ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত এই জনগোষ্ঠীকেইটাৰ দল-সংগঠনে বিগত বহু বছৰ ধৰি দাবী-আন্দোলন-প্ৰতিবাদ কৰি আহিছিল। কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই এই দাবীক উপযুক্ত গুৰুত্ব দিয়া দেখা নগৈছিল যদিও ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰৰ বিজেপি চৰকাৰে এই জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাত সহায় কৰিলে ছমাহৰ ভিতৰতে জনজাতিৰ মৰ্য্যাদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। কেৱল সেয়াই নহয় ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে জনগোষ্ঠীকেইটাক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত থকা আসোঁৱাহ নাইকিয়া কৰিবৰ বাবে এখন মডেলিটি কমিটি গঠন কৰি দিয়ে।

কিন্তু যোৱা দুবছৰতকৈ অধিক সময় চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই এই ক্ষেত্ৰত হোঁহকা-পিছলা কৰি আহিছে।

শেহতীয়াকৈ জনগোষ্ঠীকেইটাৰ দল-সংগঠনে আন্দোলনৰ পথ লোৱাত পুনৰ দিল্লীত ত্ৰিপাক্ষিক বৈঠকৰ আয়োজন কৰে। আজি সেই ত্ৰিপাক্ষিক বৈঠকত উপস্থিত থাকে জনগোষ্ঠীকেইটাৰ ৩২ জন প্ৰতিনিধিয়ে।

কিন্তু  আলোচনাৰ নামত ৬ জনগোষ্ঠীৰ প্ৰতিনিধিসকলক মাতি নি এক প্ৰকাৰৰ ভেঁকো-ভাওনা পতা বুলি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক নৃপেন খনিকৰে মন্তব্য কৰে।

পুৱা ৯ বজাৰ পৰা ১০:৩০ বজালৈকে অনুষ্ঠিত এই বৈঠকখন সম্পূৰ্ণৰূপে বিফল বুলি মন্তব্য কৰি তেওঁ কয় “কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিনধৰি মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰি আমাক আভুৱা-ভাঁৰি আহিছিল সেই কথা এই বৈঠকখনৰ দ্বাৰা প্ৰতিপন্ন হৈছে।

তেওঁ লগতে কয় যে বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হৈ থকাৰ সময়ত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তথা আগভাগ লৈছিল, তেওঁৰ সেই উৎসাহত ৬ জনগোষ্ঠীৰ লোকসকল আশ্বস্ত হৈ কংগ্ৰেছৰ প্ৰতাৰণাৰ বলি হৈ থকাতকৈ বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগ বঢ়াইছিল।

ইয়াৰোপৰি দুই-এবাৰ ছয় জনগোষ্ঠীসমূহৰ সৈতে এই সন্দৰ্ভত মডেলিটি কমিটিয়ে আলোচনা কৰিছিল যদিও মাজতে হঠাৎ আলোচনা চক্ৰ বন্ধ হৈ গৈছিল বুলি জানিব পৰা গৈছে।

আজি পুনৰ বাৰ মডেলিটি কমিটিখনে ৬ জনগোষ্ঠীৰ প্ৰতিনিধিসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল। আলোচনাৰ আৰম্ভণিতে  ৬ জনগোষ্ঠীৰ প্ৰতিনিধিসকলে কমিটিখনৰ বিষয়ববীয়াসকলক কি কি আৰ্হি বা মডেলিটি প্ৰস্তুত কৰিলে সেয়া দেখুৱাবৰ বাবে অনুৰোধ জনাইছিল।

দুৰ্ভাগ্যজনকভাৱে কমিটিখনে চালে-বেৰে কোবোৱা প্ৰশ্নৰ উত্তৰ দি বাৰে বাৰে প্ৰশ্নটো এৰাই চলে। তেওঁলোকে মডেলিটি প্ৰস্তুতৰ কোনো অগ্ৰগতিৰ প্ৰমাণ দিব নোৱাৰিলে। মডেলিটি কমিটিখনে তেওঁলোকক এন আৰ চিৰ অজুহাত দেখুৱাই আৰ্হি প্ৰস্তুত কৰিব পৰা নাই বুলি কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুও এই আলোচনাত উপস্থিত আছিল যদিও ম’ডেলিটি কমিটিয়ে একো ম’ডেল প্ৰস্তুতেই কৰা নাই বুলি জানিব পাৰিও তেওঁ মৌন হৈ থাকে।

আনহাতে বৈঠকৰ পিছত বিষয়টো সন্দৰ্ভত সাংবাদিকৰ আগত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এই ক্ষেত্ৰত পুংখানুপুংখভাৱে আগবঢ়া হৈছে কাৰণে বিলম্ব হৈছে।

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীজনৰ এনে নিৰ্বিকাৰ ভূমিকাত ৬ জনগোষ্ঠীয় প্ৰতিনিধিসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’লেও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিতহে বৈঠকত অংশগ্ৰহণ কৰিব বুলি দাবী কৰে জনগোষ্ঠীয় প্ৰতিনিধিসকলে।

ইয়াৰোপৰি পৰৱৰ্তী বৈঠকত জনজাতিকৰণৰ বিষয়টোৰ এক সু-সমাধান দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিলেহে তেওঁলোকে বৈঠকত অংশ গ্ৰহণ কৰিব।

ST_Status_2
৬ জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে আজি দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ দৃশ্য।

আনহাতে, জনজাতিকৰণৰ দাবীত উক্ত ৬টা জনগোষ্ঠীয় সংগঠনে অহা ২৩-২৪ জুলাইত ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিয়া বুলি চুতীয়া যুৱ সন্মিলনৰ সম্পাদকগৰাকীয়ে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকক জনায়। তেওঁলোকে লগতে অহা ৩০ জুলাইত নতুন দিল্লীত গণ অনশনৰ কাৰ্য্যসূচী ৰূপায়ন কৰিব বুলিও জানিবলৈ দিয়ে।

আজিৰ বৈঠকত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজু, মডেলিটি কমিটিৰ অধ্যক্ষ মীৰা মিত্ৰ, অসম চৰকাৰৰ সৈতে মধ্যস্থতাকাৰী এ বি মাথুৰ, মহা পঞ্জীয়ক শৈলেশ, অসম চৰকাৰৰ প্ৰতিনিধিসকল আৰু ৬ জনগোষ্ঠীৰ হৈ ৩২ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে দুবছৰ পূৰ্বে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৈছিল যে ৪-৫ মাহৰ ভিতৰতে অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব, যদিহে বিজেপি ক্ষমতালৈ আহে।

এই আলোচনা চক্ৰত ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেণ ৰিজিজু, মডেলিটি কমিটিৰ অধ্যক্ষ মীৰা মিত্ৰ, অসম চৰকাৰৰ সৈতে মধ্যস্থতাকাৰী এ বি মাথুৰ, মহা পঞ্জীয়ক শৈলেশ, অসম চৰকাৰৰ প্ৰতিনিসকল আৰু ৬ জনগোষ্ঠীৰ হৈ ৩২ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

August 19, 2025 6:30 am
নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

August 19, 2025 6:30 am
নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd