মণিপুৰত তিনিজন নিচাযুক্ত দ্ৰব্য আৰু অস্ত্ৰ সৰবৰাহকাৰী আটক

Assam Rifles nabs drug and weapon dealers

মণিপুৰত আজি ২৬ নং আৰু ২৯ নং অসম ৰাইফলচ আৰু থাউবাল আৰক্ষী বাহিনীয়ে মিলি তিনিজন নিচাযুক্ত দ্ৰব্য আৰু অস্ত্ৰ সৰবৰাহকাৰীক আটক কৰে।

প্ৰাপ্ত তথ্য মতে মণিপুৰৰ থাউবাল জিলাৰ অসম ৰাইফলচ আৰু থাউবাল আৰক্ষী বাহিনীৰ যুটীয়া আবেষ্টনীৰ পৰা পলাব খোজা সময়তে উক্ত অপৰাধী কেইজনক আটক কৰা হয়।

অপৰাধী কেইজনৰ পৰা এটা অত্যাধুনিক বন্দুক, দুটা মোবাইল ফোন, দুই জাঁই সক্ৰিয় গুলী আৰু নগদ ৯,৭১০ টকা জব্দ কৰা হয় বুলি অসম ৰাইফলচৰ জনসংযোগ বিষয়াৰ পৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত সদৰী কৰা হৈছে।

অপৰাধী কেইজনক জেৰা কৰাত তেওঁলোকে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত বুলি স্বীকাৰ কৰাৰ লগতে মুক্তিপণৰ বিনিময়ত চৰকাৰী বিষয়াক অপহৰণৰ সুযোগত আছিল বুলি জানিবলৈ দিয়ে।

লোককেইজনক পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে থাউবাল আৰক্ষীক চমজাই দিয়া হয়।