মণিপুৰত দুজন চোৰাং সামগ্ৰী সৰবৰাহকাৰীক আটক

শনিবাৰে মণিপুৰৰ সীমান্তৱৰ্তী চহৰ ম’ৰেত অসম ৰাইফলচৰ জোৱানে দুজন চোৰাং সামগ্ৰী সৰবৰাহকাৰীক আটক কৰে। ১১ নং অসম ৰাইফলচ (দক্ষিণ)ৰ জনসংযোগ বিষয়াৰ দ্বাৰা প্ৰকাশিত এক প্ৰেছ বিবৃতি যোগে এই কথা জানিবলৈ দি কোৱা হৈছে যে আটকাধীন চোৰাং সৰবৰাহকাৰী দুজনৰ পৰা যথেষ্ট পৰিমাণে নিষিদ্ধ বনজ সামগ্ৰী জব্দ কৰা হয়। প্ৰেছ বিবৃতিটোত উল্লেখ কৰা অনুসৰি ২২ ডিচেম্বৰত এম এন ০৬ এল ৮৮৭৭ নম্বৰৰ এখন অল্ট’ গাড়ীৰে ইম্ফলৰ পৰা ম’ৰেৰ দিশত উক্ত সামগ্ৰী সমূহ আনি থকা হৈছিল বুলি ১১ নং অসম ৰাইফলচে এক নিৰ্ভৰযোগ্য সূত্ৰ পৰা খবৰ লাভ কৰে। উক্ত তথ্যৰ ওপৰত ভীত্তি কৰি তেওঁলোকে বাহনখন ধৰাৰ উদ্দেশ্যে ম’ৰে কে এল পি স্থানৰ ওচৰত এখন চেক প’ষ্ট বহুৱাই গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাড়ীখনৰ পৰা ৭ টা বেগ ভৰ্তী প্ৰায় ২০ লাখ টকাৰ চোৰাং সামগ্ৰী উদ্ধাৰ কৰা হয়। ধৃত চোৰাং সৰবৰাহকাৰী দুজনক কেংপকপি জিলাৰ গোপাল কাৰ্কি(৩৪) আৰু সেনাপতি জিলাৰ এইচ দশুচা(৩৩) বুলি চিনাক্ত কৰা হৈছে। আনহাতে জব্দ কৰা সামগ্ৰী সমূহক ম’ৰেত থকা ৰাজ্যিক বন বিভাগক বিহিত ব্যৱস্থা ল’বৰ বাবে চমজাই দিয়া হয়।