মণিপুৰত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আটক

মণিপুৰত আজি ১২ নং, ২৬ নং অসম ৰাইফলছ আৰু টেঙনৌপাল জিলা আৰক্ষীৰ দলে এজন নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে।

প্ৰাপ্ত তথ্য মতে মণিপুৰৰ ইম্ফল-ম’ৰে ক্ষেত্ৰৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টেঙনৌপাল আৰক্ষী থানাৰ অন্তৰ্গত সীতা চকত বহোৱা এক অস্থায়ী চেক পষ্টত আটক উক্ত লোকজনৰ পৰা অসম ৰাইফলছে ৩৫৬ গ্ৰাম হিৰইন লগতে ২১৫ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে।

অসম ৰাইফলছৰ জন সম্পৰ্ক ৰক্ষী বিষয়াৰ পৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত সদৰী কৰা মতে নিচাযুক্ত সামগ্ৰী আনি থকা বুলি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ১১ মাৰ্চত অসম ৰাইফলছ আৰু টেঙনৌপাল জিলা আৰক্ষীয়ে সীতা চকত থকা অস্থায়ী চেক পষ্টত ম’ৰেৰ পৰা ইম্ফল দিশত গৈ থকা এম এন ০৬ এল ৭৮৫৯ নম্বৰৰ মাৰুটি ভানখনক ৰাখিবলৈ কয়। পিছত গাড়ীখনত থকা যাত্ৰীসকলক নমাই লৈ তেওঁলোকৰ বেগসমূহত তালাচি চলোৱাত এগৰাকী যাত্ৰীৰ প্ৰচাৰ কুকাৰৰ পৰা উক্ত নিচাযুক্ত সামগ্ৰী সমূহ উদ্ধাৰ কৰা হয়।

ধৃত মহিলা গৰাকীক থাউবাল জিলাৰ কাকচিং আৰক্ষী থানাৰ অন্তৰ্গত পাংগানটাবিৰ টোমবিমাচা দেৱী (৬৬) বুলি চিনাক্ত কৰা হৈছে। তেওঁক পিছত নিচাযুক্ত সামগ্ৰী সমূহৰ সৈতে টেঙনৌপাল আৰক্ষী থানাত চমজাই দিয়া হয় বুলি বিবৃতিটোত কোৱা হয়।