মণিপুৰত মঙলবাৰে ‘গাঁৱলৈ বলক’ অভিযানৰ তৃতীয় পৰ্যায়  

N-Biren-Singh-1-570x320

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

পোন প্ৰথমবাৰৰ বাবে মণিপুৰ চৰকাৰে ৰাজ্যখনৰ সকলো অঞ্চলৰ লোকৰে সমস্যা তথা সম উন্নয়ন কৰাৰ লক্ষ্যৰে গাঁৱলৈ বলক শীৰ্ষক নামৰ এখন অভিলাষী আঁচনি ৰূপায়ন কৰিছে। আঁচনিখনৰ প্ৰথম দুটা পৰ্যায় সফলতাৰে পাৰ হৈ যোৱাৰ পাছত চৰকাৰে তৃতীয়টো পৰ্যায় মঙলবাৰে সমগ্ৰ ৰাজ্যতে ৰূপায়ন কৰিব।

এই আঁচনিৰ জৰিয়তে আয়োজিত শিবিৰসমূহত ৰাজ্যখনৰ সকলো লোকৰে তথা দুৰ্গম অঞ্চলসমূহৰ উন্নয়ন সাধন কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ মুখেৰে চৰকাৰে সমস্যা সমূহ অৱগত হ’ব আৰু উক্ত শিবিৰতে সেই সমস্যা সমূহ দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে আন্তঃগাথনি, স্বাস্থ্য, শিক্ষা আদি বিষয়ত বিশেষ উন্নয়ন সাধন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লগতে বৃদ্ধ পেঞ্চন, গৃহহীন লোকক ঘৰ প্ৰদান আদিও পৰৱৰ্তী পৰ্যায়ত এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰি আছে বুলি মুখ্য মন্ত্ৰীৰ সচিবালৰ পৰা প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে।

প্ৰেছ বিজ্ঞপ্তিত কয়- ‘এই আঁচনিত সৰ্বসাধাৰণ লোকৰ উপস্থিতি বিশেষ উৎসাহজনক। আঁচনিখনৰ উদ্বোধনৰ দিনাই ৰাজ্যবাসীৰ পৰা ৬০,৩৩৯ খন আবেদন লাভ কৰিছিলো আৰু ইয়াৰে ২১,৩৫৩ খন আবেদনৰ গোচৰ উক্ত দিনাই গৃহীত কৰা হৈছে’।

বিবৃতিখনত লগতে প্ৰকাশ কৰে যে এই আঁচনিৰ অধীনত মঙলবাৰে ৰাজ্যখনৰ ৬০ টা সমষ্টিৰ নিৰ্বাচিত গাঁওসমূহৰ বিভিন্ন শিবিৰত আগশাৰীৰ চৰকাৰী বিষয়াসকলে সাধাৰণ জনতাৰ অভাৱ অভিযোগ সমূহ গ্ৰহণ কৰিব। লগতে জনায় যে বাকী থকা গাঁওসমূহ পৰ্যায় ক্ৰমে এই আঁচনিৰ আওতাত অন্তৰ্ভুক্ত হ’ব।