মণিপুৰৰ গণ ধৰ্ষণৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

gang-rape-647x381

মণিপুৰৰ লেইহাওপোকপিৰ চাঞ্চল্যকৰ গণ ধৰ্ষণৰ ঘটনাৰ মুখ্য অভিযুক্তক বুধবাৰে মণিপুৰৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় ফাষ্ট ট্ৰেক আদালতৰ অতিৰিক্ত দণ্ডাধীশ এ নউটানেশ্বৰী দেৱীয়ে যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

তেওঁৰ দুই সহযোগীকো জৰিমনাসহ ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে।

ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ সংশোধন হোৱাৰ পিছত এখন আদালতে গণ ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে দিয়া ৰায় দেশৰ ভিতৰতে প্ৰথম বিবেচিত হৈছে।

মুখ্য অভিযুক্ত ৩০ বছৰীয়া খুৰাইঝাম বুংবুঙআৰু তেওঁৰ দুই সহযোগী ৪৩ বছৰীয়া নঙথমবাম বচা ওৰফে বীৰেণ সিং আৰু ২৬ বছৰীয়া খুৰাইঝাম খাম্বা সিঙক আদালতে যোৱা ১৮ ডিচেম্বৰত দোষী সাব্যস্ত কৰিছিল।

‘’ অভিযুক্তসকলে কৰা অপৰাধ কেৱল অপৰাধৰ বলি হোৱা মহিলাগৰাকীৰ প্ৰতি অন্যায় নহয় কিন্তু লগতে সমগ্ৰ সমাজৰ বাবেও ই এক অপৰাধ,’’- কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰি দিয়া আদালতৰ ৰায়টোত এইদৰে কোৱা হৈছে।

আদালতে লগতে বলি হোৱা মহিলাগৰাকীলৈ ‘গণ ধৰ্ষণৰ বলি হোৱা মহিলালৈ বিত্তীয় সাহায্য তথা সাহায্য সেৱা’ আঁচনিৰ পৰা ২ লাখ টকা ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে। এই আঁচনিখন মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত ৰূপায়িত হৈছে।

অভিযুক্ত পক্ষৰ হৈ আদালতত বক্তব্য ৰাখি অধিবক্তাগৰাকীয়ে অনুৰোধ জনাইছিল যে অভিযুক্তসকলৰো নিজৰ পৰিয়াল আছে আৰু তেওঁলোকৰ পূৰ্বৰ অপৰাধৰ কোনো তথ্য নাই, গতিকে আদালতে ৰায় ঘোষণাৰ সময়ত বিষয়টো সহানুভুতিৰে চাব লাগে।

আদালতে মুখ্য অভিযুক্তগৰাকীক ১০,০০০ টকা জৰিমনা বিহাৰ লগতে সহযোগী অভিযুক্ত দুগৰাকীক ৫,০০০ টকাকৈ জৰিমনা বিহে আৰু জৰিমনা দিবলৈ সক্ষম নহ’লে অতিৰিক্ত তিনিমাহৰ বাবে কাৰাবাসৰ নিৰ্দেশ দিয়ে।

আদালতে নিৰ্দেশ দিয়ে যে উক্ত জৰিমনাৰ ২০,০০০ টকা আদালতত জমা দিব লাগিব আৰু সেই ধনৰাশি ক্ষতিপূৰণ হিচাপে আক্ৰান্ত মহিলাগৰাকীলৈ আগবঢ়োৱা হ’ব।