মণিপুৰৰ জ্যেষ্ঠ সাংবাদিক খেলেন থকছমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ  

K-266x200

ইংৰাজী বাতৰি কাকত ‘দ্যা টেলিগ্ৰাফ’ৰ বিশেষ সংবাদদাতা তথা মণিপুৰৰ জ্যেষ্ঠ সাংবাদিক খেলেন থকছমৰ আকষ্মিক মৃত্যুত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙ মৰ্মাহত হোৱাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

সাংবাদিকজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মুখ্য মন্ত্ৰী সিঙে পশ্চিম ইম্ফল জিলাৰ টেৰা টংগ্ৰাম লেইকাইস্থিত বাসগৃহত উপস্থিত হৈ খেলেনৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী সিঙে সংবাদ মাধ্যমৰ আগত কয়, ‘তেওঁৰ এই আকষ্মিক মৃত্যুৰ খবৰ পায় মই অতিকৈ মৰ্মাহত হৈছো। কালি খেলেনৰ লগত বহু সময় ধৰি মোৰ কাৰ্যালয়ত ৰাজ্যখনৰ বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা কৰিছিলো’।

ইয়াৰ উপৰি খেলেনৰ লগত এক দীৰ্ঘদিনীয়া মধুৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰি অহাৰ লগতে একেলগে সাংবাদিকৰ পেছা গ্ৰহণ কৰা বুলিও মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

‘তেওঁৰ মৃত্যুত এজন ভাল বন্ধুৰ লগতে এজন সৎ মানৱীয় গুণৰ অধিকাৰী ব্যক্তিত্বক সমাজৰ পৰা হেৰুৱালো। তেওঁৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো’, মুখ্য মন্ত্ৰীজনে এইদৰে মন্তব্য কৰা দেখা যায়।

উল্লেখযোগ্য যে জ্যেষ্ঠ সাংবাদিকজনক শেষ শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে মাজৰখুলস্থিত মণিপুৰ প্ৰেছ ক্লাবত আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিভিন্ন লোকৰ লগতে মুখ্য মন্ত্ৰী বীৰেন সিঙো উপস্থিত থাকি শেষবাৰলৈ  শ্ৰদ্ধা জ্ঞাপন কৰে।

আনহাতে ৰাজ্যখনৰ বিশিষ্ট সাবংদিকজনৰ আকষ্মিক মৃত্যুত মৰ্মাহত হোৱাৰ লগতে শোক প্ৰকাশ কৰে বন আৰু পৰিৱেশ মন্ত্ৰী টিএইচ শ্যামকুমাৰে। তাৰোপৰি মন্ত্ৰী শ্যামকুমাৰে খেলেনৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।