মণিপুৰ কমলা উৎসৱ ২০১৭ৰ আৰম্ভণি

মণিপুৰত উৎপন্ন  উচ্চ মানবিশিষ্ট কমলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগ বাঢ়ি আহিছে জনপ্ৰিয় গায়ক কৈলাশ খেৰ। ইয়াৰ পূৰ্বেও বহুবাৰ উত্তৰ-পূবলৈ অহা শিল্পীগৰাকীৰ এইয়াই প্ৰথম মণিপুৰ ভ্ৰমণ। উল্লেখযোগ্য যে কমলা খেতিয়কসকলক উৎসাহ দিয়াৰ  উদ্দেশ্যে প্ৰত্যেক বছৰে আয়োজন কৰি অহাৰ দৰে এইবাৰো ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ‘মণিপুৰ কমলা উৎসৱ ২০১৭’ আয়োজন কৰা হৈছে। ইম্ফলৰ পৰা ১৫০ কি. মি. পশ্চিমত অৱস্থিত টামেংলং জিলাত অনুষ্ঠিত হ’ব লগীয়া উৎসৱত বলিউদৰ জনপ্ৰিয় গায়ক কৈলাশ খেৰে অংশ গ্ৰহণ কৰিব। মণিপুৰী কমলা প্ৰসাৰৰ বাবে উৎসাহী শিল্পীগৰাকীয়ে কোনো মাননি নোলোৱাকৈ সংগীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে।

মন কৰিব লগীয়া যে মণিপুৰত ৫০ তকৈ বেছি প্ৰজাতিৰ কমলা উৎপন্ন হৈ আহিছে। কিন্তু উপযুক্ত যাতায়াত ব্যৱস্থাৰ অভাৱত ই বজাৰ দখল কৰিব পৰা নাই।

৫ দিন ধৰি চলিব লগীয়া উৎসৱটোত কমলা খেতিৰ প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠানো থাকিব বুলি আয়োজক সকলে জানিবলৈ দিয়ে। উৎসৱৰ সামৰণি দিনা কমলা ৰাণী প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।