মহানগৰীত ২৬ লাখ টকাৰ জালনোট জব্দ

বৃহস্পতিবাৰে মহানগৰীৰ ফটাশিল আমবাৰী থানাৰ আৰক্ষীয়ে অভিযান চলাই ধীৰেণপাৰাৰ টিলাৰ পৰা বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে কালি দিনৰ প্ৰায় ১:৩০  মান বজাত ফটাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ ভৰালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ধীৰেণপাৰা টিলাৰ পৰা ২৬ লাখ টকাৰ জালনোটসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি ধৃত সৰবৰাহকাৰী কেইটা বৰপেটাৰ কাৱৈমাৰীৰ চাহজাহান আলী(২৬) আৰু জুলহাজ ভূঞা(৩২) । এক তথ্যৰ পৰা জানিব পৰা মতে বুধবাৰে সন্ধিয়া বৰপেটাৰ পৰা ধৃত চাহজাহানে জালনোটখিনি ধীৰেণপাৰাৰ চহিদ মুজাম্মিল পথৰ মকবুল হকৰ ঘৰত ভাৰাতীয়া হিচাপে থকা জুলহাজৰ ৰুমলৈ নোটখিনি লৈ আহিছিল।

উল্লেখনীয় যে ধৃত সৰবৰাহকাৰী দুটাই এজন ব্যক্তিক ৮.৫০ লাখ টকাৰ বিনিময়ত ২৬ লাখ টকাৰ জালনোটখিনি দিয়াৰ কথা আছিল। কিন্তু আৰক্ষীয়ে এক গোপন সুত্ৰ জৰিয়তে এই পৰিকল্পনাৰ বিষয়ে পূৰ্বৰ পৰাই অবগত আছিল। সেয়েহে আৰক্ষীৰ দলটোৱে পূৱাৰে পৰা উক্ত স্থানত ধৃত সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ খাপ পিটি আছিল। ইয়াৰ পিছত দিনৰ প্ৰায় ১:৩০ মান বজাত আৰক্ষীয়ে জালনোটসহ জালনোট সৰবৰাহৰ লগত জড়িত ধৃত দুটাক আটক কৰি ফটাশিল আমবাৰী থানালৈ লৈ আহে। ইফালে আৰক্ষীৰ জেৰাত ধৃত চাহজাহানে ২৫ হাজাৰ টকাৰ বিনিময়ত জুলহাজৰ ঘৰলৈ ২৬ লাখ টকাৰ জালনোট লৈ অহাৰ কথা স্বীকাৰ কৰে। জানিব পৰা ২০০০ টকীয়া নোটাৰ মুঠ ১৩ টা বাণ্ডিলৰ জালনোট আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অবশ্যে আৰক্ষীয়ে এই জালনোট সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে এক গোচৰ ৰুজো কৰি জালনোট সৰবৰাহৰ আঁৰত থকা মূল নায়কক জালত পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।