মহৎ তালুকদাৰক বিহিলে পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৪৫ লাখ টকাৰ জৰিমনা 

উৎকোচ লৈ হাতে লোটে ধৰা পৰা ধেমাজিৰ ডি এফ অ’ মহৎ তালুকদাৰক দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ চনৰ ধাৰাত চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ লাখ টকাৰ জৰিমনাও বিহে। আনহাতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(২) ধাৰাৰ অধিনত পাঁচ বছৰ আৰু ২৫ লাখ টকাৰ জৰিমনা বিহে বিশেষ ন্যায়াধীশৰ আদালতে। অৱশ্যে দুটা ধাৰাত ৫ আৰু ৪ বছৰৰ কাৰাণ্ডৰ ৰায় প্ৰদান কৰিলেও সৰ্বোচ্চ পাঁচ বছৰহে কাৰাগাৰত কটাব লাগিব। কিন্তু দুয়োটা ধাৰাতে বিহা জৰিমনা মুঠ ৪৫ লাখ টকা আদায় দিব লাগিব। যদিহে জৰিমনা অনাদায় হৈ থাকে তেন্তে পুনৰ দুই বছৰ কাৰাবাসতে কটাব লাগিব অসৎ পথত লিপ্ত হোৱা ডি এফ অ’ মহৎ।

মন কৰিবলগীয়া যে ২০১৬চনৰ ১৩ জুনত দুৰ্নীতি নিৰীক্ষন আৰু তদাৰকী কোষৰ হাতত এখন চালান বিহিন ট্ৰাকৰ চালকৰ পৰা ৩০হাজাৰ টকাৰ উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হৈছিল মহৎ তালুকদাৰ। ইয়াৰ পিছতে ৰাজ্যবাসী স্তম্ভিত হৈছিল তালুকদাৰৰ সম্পত্তিৰ তালিকা দেখি। দুৰ্নীতি নিবাৰক শাখাই তালুকদাৰৰ ঘৰৰ পৰা ২.৭১কোটি টকা, ৯৪৫.৫৬৩ গ্ৰাম সোণৰ আ-অলংকাৰৰ লগতে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ সা-সামগ্ৰী উদ্ধাৰ কৰিছিল। সেই গোচৰৰ ভিত্তিতেই কালি আদালতে এই ৰায় প্ৰদান কৰে। কিন্তু ইয়াৰ বিপৰীতে আদালতে বন্যপ্ৰাণী আইনৰ অধিনত ডি এফ অ’ জনক দোষমুক্ত ঘোষণা কৰে।

উল্লেখ্য যে আদালতে পূৰ্বে দিয়া বিভিন্ন সাক্ষীবাদীৰ ভাষ্য আৰু দুৰ্নীতি নিবাৰকে দাখিল কৰা তথ্যৰ ভিত্তিতে আজি বিশেষ ন্যায়াধীশ অলকেশ ভট্টাচাৰ্যই এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। আনহাতে ৰায়দানৰ পিছত মহৎ তালুকদাৰে সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলি কয় আৰু তেওঁৰ বিৰুদ্ধে কোনোবাই গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি মত পোষন কৰে।