মিজোৰামৰ জল-বিদ্যুৎপ্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ কোলাশিবৰ ওচৰত নিৰ্মাণ কৰা ৬০ মেগাৱাট সম্পন্ন টুইৰিয়েল জল-বিদ্যুৎ প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

ইতিমধ্যে আৰম্ভ হোৱা প্ৰকল্পটোৱে মিজোৰামক এই অঞ্চলটোত ত্ৰিপুৰা আৰু ছিকিমৰ পিছতে বিদ্যুৎ ৰাহি কৰা তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে।

টুইৰিয়েল নদীৰ এই গভীৰ বান্ধটো শক্তি মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় প্ৰকল্প হিচাপে নিৰ্মাণ কৰা হৈছে আৰু নীপকোৱে ৰূপায়িত কৰিছে।

ইয়াৰে প্ৰথমটো গোট যোৱা ২৫ আগষ্টত আৰম্ভ হৈছিল দ্বিতীয়টো ২৮ নৱেম্বৰত আৰম্ভ হৈছিল।

আইজলত দিয়া ভাষণত মোডীয়ে কয়, সফলভাৱে আৰম্ভ হোৱা টুইৰিয়েলৰ জল-বিদ্যুৎ প্ৰকল্পটো মিজোৰামৰ প্ৰথমটো বৃহৎ কেন্দ্ৰীয় প্ৰকল্প।

১৩০২ কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্পটো ১৯৯৮ চনৰ জুলাই মাহত বিত্তীয় বিষয়ক কেবিনেট কমিটিয়ে অনুমোদন দিয়াৰ পিছত সম্পূৰ্ণ হওতে প্ৰায় দুই দশক লাগিল। প্ৰস্তাৱিত প্ৰকল্পটোৰ আৰম্ভ হোৱাৰ সম্ভাৱ্য তাৰিখ আছিল ২০০৬ চনৰ জুলাই মাহ।

প্ৰকল্পটোৰ কামৰ প্ৰায় ৩০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছত ২০০৪ চনৰ জুনত এক আন্দোলনৰ বাবে কাম বন্ধ কৰি দিয়া হৈছিল। নীপকোৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু শক্তি মন্ত্ৰালয় তথা ড’নাৰ মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাত ২০১১ চনৰ জানুৱাৰীত প্ৰকল্পটোৰ কাম পুনৰ আৰম্ভ কৰা হৈছিল।

প্ৰকল্পটো ভিতৰুৱা অঞ্চলত অৱস্থিত হোৱাৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ ভিতৰত প্ৰকল্পৰ স্থানলৈ যোৱাৰ বাবে উপযুক্ত যোগাযোগ আন্তঃগাঁথনিৰ অভাৱ, মাটিৰ বেয়া অৱস্থাৰ বাবে হোৱা বিদ্যুৎ গৃহ সমূহত ব্যাপক বিদ্যুৎ যোগান ব্যহত হোৱা আৰু পৰ্যাপ্ত দক্ষ কৰ্মশক্তিৰ অভাৱ আছিল অন্যতম। এই কাৰকবোৰৰ বাবে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠোতে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়।