• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ত ডিজিটেল ফৰমেটত নিৰ্বাচনী যুঁজ : ফেচবুক, টুইটাৰ, য়ু টিউব হৈ পৰিছে যুঁজৰ অস্ত্ৰ

চাইদুল খান by চাইদুল খান
February 18, 2018 2:04 pm
Mukul-fb-570x320

মুকুল চাংমাৰ ফেচবুক পোষ্ট।

127
VIEWS
Share on FacebookShare on Twitter

যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতৰ ভোটাৰসকলে এটা ব্যতিক্ৰম ধৰণৰ নিৰ্বাচনী অভিযানৰ মুখামুখি হৈছিল। সেয়া আছিল ডিজিটেল মাধ্যমত কৰা জোৰদাৰ প্ৰচাৰ। ৰাজনৈতিক দলবোৰে ভোটাৰৰ কাষ চাপিবৰ বাবে পৰম্পৰাগত মাধ্যমবোৰতকৈ ছ’চিয়েল মিডিয়াক বেছি ব্যৱহাৰ কৰিছিল।

ঘাইকৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াক অধিক গুৰুত্ব সহ লৈছিল। ছচিয়েল মিডিয়াৰ যোগেদি সহজ আৰু প্ৰান্তীয় অঞ্চলতো প্ৰচাৰ চলোৱাৰ সুবিধা লৈছিল দলটোৱে। তাৰ সুফলো পাইছিল দলটোৱে। তাৰ পিছৰ প্ৰায় সকলো নিৰ্বাচনতে প্ৰায়বোৰ দলৰ বাবেই ডিজিটেল মিডিয়া হৈ পৰিছে অন্যতম প্ৰচাৰ মাধ্যম।

অলপতে নিৰ্বাচন হ’ব লগীয়া মেঘালয়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানতো এই ছবি প্ৰতিফলিত হৈছে। ৰাজ্যখনৰ বিভিন্ন দলে সামাজিক মাধ্যম আৰু আন আন ডিজিটেল মাধ্যমক গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। আটাইকেইটা প্ৰদান দলৰে টুইটাৰ, য়ু টিউব, ফেচবুক আৰু ইনষ্ট্ৰাগ্ৰামত সবল উপস্থিতি দেখা গৈছে।

NPP-fb-300x265
এন পি পি দলৰ এটা ফেচবুক পোষ্ট।

কংগ্ৰেছৰ মুকুল চাংমাক ছিচিয়েল মিডিয়াত সঘনে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ’, ফটো আপডেইট দি থকা দেখা গৈছে। তেওঁৰ শেহতীয়া এটা ফেচবুক আপডেইট আছিল এনে ধৰণৰ : “We Meghalayans are strong. But we must also realize that true strength is keeping everything together when everyone expects us to fall apart. We must ensure that we stay united, not divided. They will try, but will fail. We shall overcome!”

এনে বাৰ্তাৰ যোগেদি তেওঁ কেৱল ভোটাৰকে লক্ষ্য কৰা নাই, বিৰোধীৰ প্ৰতিও শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।

আনহাতে যোৱা শুকুৰবাৰৰ এটা পোষ্টত তেওঁ লিখিছে, ‘যদি তেওঁলোকে আমাৰ বিষয়ে অসত্য প্ৰচাৰ বন্ধ কৰে, আমি তেওঁলোকৰ সঁচা কথাবোৰ কোৱা বন্ধ কৰিম।’

প্ৰায়বোৰ দলৰে প্ৰধান নেতাবোৰে নিজৰ নিজৰ বাৰ্তা ভোটাৰলৈ প্ৰেৰণ কৰিবলৈ নিজৰ ডিজিটেল প্লেটফৰ্ম বা পেইজ সৃষ্টি কৰি ব্যৱহাৰ কৰা দেখা গৈছে। এই পেইজবোৰৰ নামবোৰো দিয়া হৈছে একোটা একোটা শ্ল’গানৰ দৰে, যেনে- ‘I support Mukul Sangma’, ‘Not my NPP’, We need change in Meghalaya’, ‘We care for Meghalaya’ আদি।

দলবোৰে উন্নত মানৰ অডিঅ’-ভিডিঅ’ আৰু ইমেইজ প্ৰস্তুত কৰিবলৈ উন্নত মানৰ টুল ব্যৱহাৰ কৰা দেখা গৈছে।

আনহাতে এন পি পিৰ কনৰাড চাংমাই Wave of NPP নামৰ এটা ৫ মিনিটীয়া ভিডিঅ’ৰ জৰিয়তে মুকুল চাংমাক এজন একনায়কত্ববাদী নেতা বুলি দেখুৱাবৰ চেষ্টা কৰিছে।

BJP-fb-300x255
বিজেপি দলৰ এটা ফেচবুক পোষ্ট।

কনৰাড চাংমাৰ দলটোৱে তেওঁলোকৰ ছ’চিয়েল মিডিয়াৰ পোষ্টবোৰৰ জৰিয়তে কংগ্ৰেছ চৰকাৰখনৰ ব্যৰ্থতাবোৰ, যেনে- মহিলাৰ বিৰুদ্ধে বৰ্ধিত অপৰাধ, নিয়োগহীনতা আদি দাঙি ধৰি কংগ্ৰেছ দলটোক বিব্ৰত কৰিছে। দলটোৰ পেইজৰ এটা পোষ্টত কোৱা হৈছে- “Crimes against women have increased in Meghalaya and tragically the conviction rate is very low. We must all come together to change mind-sets and overhaul the system to put an end to this!”

বৰ সুবিধা কৰিব নোৱৰা ৰাষ্ট্ৰীয় দল বিজেপিয়ে ডিজিটেল মাধ্যমত প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ ছবি দেখুৱাবৰ যত্ন কৰিছে। দলটোৱে কংগ্ৰেছৰ বিফলতাবোৰো দাঙি ধৰাৰ চেষ্টা কৰিছে।

বিজেপি থকা সত্ত্বেও কংগ্ৰেছ আৰু এন পি পি দলে পৰস্পৰকে ডিজিটেল মাধ্যমত মূল লক্ষ্য হিচাপে লোৱা দেখা গৈছে।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd