মেঘালয়ৰ প্ৰেমিকাক প্ৰতাৰণা অসমৰ যুৱকৰ : প্ৰেমৰ নামত মানিবেগ আৰু ম’বাইল লৈ উধাও

এটা বিশেষ সূত্ৰই জনোৱা মতে, ফোনযোগে চিনাকি হোৱা মেঘালয়ৰ এগৰাকী যুৱতীৰ সৈতে যোৱা দুই মাহৰ পৰা অসমৰ বৰপেটাৰ যুৱক সঞ্জিত দাসে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। সেই সম্পৰ্কৰ পম খেদিয়ে কালি যুৱতীগৰাকী মোঘলয়ৰ পৰা প্ৰেমিকক লগ কৰাৰ উদ্দেশ্যে বৰপেটালৈ আহিছিল। দুয়ো সন্ধিয়া সময়ত ছিমলাগুৰিলৈ ফুৰিবলৈ যায়। কিন্তু প্ৰতাৰক সঞ্জিত দাসে সুযোগ বুজি যুৱতীগৰাকীৰ ম’বাইল আৰু পইচাৰ বেগ চুৰ কৰি পলায়ন কৰে। উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত যুৱতীগৰাকীয়ে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰায়। উল্লেখযোগ্য যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক সংৰক্ষিত স্থানত ৰাখি পৰিয়ালৰ লোকক খবৰ দিয়ে। আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱতীগৰাকীয়ে ৰিয়া নামৰ ছদ্ম নাম লৈ অসমলৈ আহিছিল। আৰক্ষীয়ে এতিয়ালৈ প্ৰতাৰক প্ৰেমিক সঞ্জিত দাসৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই বুলি জনা গৈছে।