ম্যানমাৰৰ সৈতে সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ চুক্তি সম্পৰ্কত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মতামত বিচাৰিছে কেন্দ্ৰই

ম্যানমাৰৰ সৈতে হ’বলগীয়া ভূমি সীমান্ত প্ৰৱেশ চুক্তিৰ সুৰক্ষা দিশটোৰ ক্ষেত্ৰত উত্তৰ পূবৰ ৰাজ্যকেইখনৰ পৰা মতামত বিচাৰিছে দেশৰ শীৰ্ষ নিৰাপত্তা বিষয়া সকলে।

সীমান্তৰ ১৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোনো অঞ্চলেৰে ৰোহিংগিয়া শৰণাৰ্থীয়ে প্ৰৱেশ কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে বুলি শংকাৰ সৃষ্টি হৈছে।

যোৱা ১০ জানুৱাৰীত মধ্যপ্ৰদেশৰ টেকানপুৰৰ বিএছএফ একাডেমীত অনুষ্ঠিত চোৰাংচোৱা সংস্থাৰ ডিজিপি আৰু আইজিপিসকলৰ বাৰ্ষিক সন্মিলনত সুৰক্ষা সম্পৰ্কীয় দিশটোৰ বিষয়ে আলোচনা কৰা হৈছিল। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আন অৰ্দ্ধসামৰিক তথা চোৰাংচোৱা সংস্থাৰ মুৰব্বীসকল উপস্থিত আছিল।

অৰ্দ্ধসামৰিক বাহিনী আছাম ৰাইফলছক উন্মুক্ত সীমান্তত তীক্ষ্ন নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। মিজোৰামকে ধৰি সীমান্ত ৰাজ্যসমূহত ৰোহিংগিয়া অনুপ্ৰৱেশৰ মোকাৱিলা কৰিবলৈ অধিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে।

ম্যানমাৰ সীমান্তৰ পহৰাৰ দায়িত্ব আছাম ৰাইফলছৰ ঠাইত আন কেন্দ্ৰীয় বাহিনীক অৰ্পন কৰাৰ এটা প্ৰস্তাৱ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত বিবেচনাৰ বাবে পৰি আছে। ৰোহিংগিয়াসকলৰ গৃহভূমি ম্যানমাৰৰ ৰাখাইনৰ পৰা মিজোৰামক বিচ্ছিন্ন কৰি ৰখা হৈছে।

উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় যে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভাৰ আসন্ন নিৰ্বাচন আৰু অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়টোও বৈঠকত আলোচনা কৰা হৈছিল।