যোগদলৰ কুখ্যাত হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন চি আই ডিৰ

অসম চৰকাৰৰ অপৰাধ অনুসন্ধান বিভাগে ৰাজ্য কঁপোৱা যোগদল হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই কথা বিভাগটোৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। পৰিয়ালটোৰ  এই বিশেষ দলটোৱে ইতিপূৰ্বে ঘটনা সংঘটিত হোৱা স্থান পৰীক্ষা কৰিছে। লগতে দলটোৱে সোণাপুৰ চক্ৰ বিষয়াৰ কাৰ্য্যলয়লৈ গৈ মাটিৰ তথ্যও পৰীক্ষা কৰে।

উল্লেখযোগ্য যে ২০০৯ চনত গুৱাহাটীৰ সমীপৰ দিচপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰ ৰাজহ চক্ৰৰ আৰু আৰক্ষী থানাৰ অন্তৰ্গত যোগদলত একেটা পৰিয়ালৰ ছজন লোকক অজ্ঞাত আততায়ীয়ে হত্যা কৰিছিল। পৰিয়ালটোৰ ঘৰ থকা ঠাইখিনি হস্তগত কৰি তাত বিলাসী হোটেল নিৰ্মাণৰ পৰিকল্পনাৰ সৈতে এই হত্যাকাণ্ডৰ সম্পৰ্ক আছে বুলি ঘটনাৰ পিছত বহু লোকৰ মুখত প্ৰচাৰ হৈছিল। মাটিখিনিৰ গৰাকী আছিল হৰকান্ত দলৈ, যিজনক উক্ত নিশা তেওঁ পত্নী স্বপ্না দলৈ আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে হত্যা কৰা হৈছিল। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ বিশেষ শুংসূত্ৰ পোৱা নাছিল। কিন্তু যোৱা কেইদিনমানৰ পূৰ্বে এই ঘটনাটোৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ অপৰাধত অসম আৰক্ষীৰ দুজন বিষয়া ক্ৰমে প্ৰণৱ ডেকা আৰু আব্দুল মতলেব চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত ঘটনাই নতুন মোৰ লৈছে। শ্ৰী ডেকা সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল আৰু আব্দুল মতলেব চৌধুৰী ঘটনাটোৰ তদন্তকাৰী বিষয়া আছিল। তেওঁলোক দুয়োজন সম্প্ৰতি ন্যায়িক জিম্মাত আছে। এতিয়া বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়াত ঘটনাটোৰ তদন্তই নতুন গতি পাব বুলি আৰু অপৰাধী ধৰা পৰিব বুলি সকলোৱে আশা কৰিছে। দলটোৱে সোণাপুৰ আৰক্ষী থানাৰ তথ্য-পাতিও তন্নতন্নকৈ পৰীক্ষা কৰিছে বুলি জানিব পৰা গৈছে। সাক্ষীসকলক পুনৰ পৰীক্ষা কৰা হ’ব বুলিও কৈছে সূত্ৰটোৱে। আনহাতে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অতুল বৰাই এই তদন্তৰ আওতালৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক অকণ বৰাকো আনিব লাগে বুলি দাবী কৰি আহিছে। এই অভিযোগৰ বিপৰীতে অকণ বৰাই ঘটনাটোত তেওঁৰ নাম জড়িত কৰিব বিচৰা কাৰ্য্যক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক’ব বিচাৰে। কালি সোণাপুৰত আয়োজিত এখন সংবাদমেলত দিচপুৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি নূৰ আহমেদ লস্কৰে অকণ বৰাক এই ঘটনাটোৰ নামত কলংকিত কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ দাবী কৰে।