লখিমপুৰ জিলা প্ৰশাসনে আজি কাকৈ সংৰক্ষিত বনাঞ্চলত ব্যাপক উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনৰ এজন উচ্চপদস্থ বিষয়াই কয় যে বহু কেইবিঘা বন বিভাগৰ ভূমি বেদখলৰ পৰা মুক্ত কৰাৰ লগতে ১৮ টা ঘৰ ভঙা হয়। প্ৰায় ৩০০ মান মানুহ ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় বুলিও তেওঁ কোৱাৰ লগতে গোটেই বনাঞ্চল বেদখলৰ পৰা সম্পূৰ্ণ মুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও কয়। বন বিভাগৰ দ্বাৰা পৰিচালিত এই উচ্ছেদ অভিযানটোত আৰক্ষী আৰু লখিমপুৰ জিলা প্ৰশাসনে সহযোগ কৰে। প্ৰশাসনে উচ্ছেদ অভিযানটো চলোৱাৰ পূৰ্বেই বেদখলকাৰীসকল পলাই যায় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাজ্যত বিজেপিৰ চৰকাৰ অহাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশনাৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু আমচাং বনাঞ্চলতো উচ্ছেদ চলোৱা হৈছিল। অৱশ্যে ন্যায়ালয়ৰ হস্তক্ষেপত আমচাঙৰ উচ্ছেদ অভিযান মাজতে বন্ধ ৰখা হৈছে।
লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান : ১৮টা ঘৰ উচ্ছেদ
-
By NE NOW NEWS
- Categories: অসম
Related Content
চৰকাৰী কৰ্মচাৰীৰ বোজা ল’ব নোৱাৰে ৰাজ্য চৰকাৰে : চাকৰি হেৰুৱাব কৃষি বিভাগৰ ৩৫০ জন কৰ্মচাৰীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 10:04 pm
ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 6:19 pm
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 1:03 pm