লখিমপুৰৰ নাবালিকা ধৰ্ষণকাণ্ডত জড়িত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ

৮ এপ্ৰিলত লখিমপুৰ জিলাৰ নাওবৈচাত  ১৪ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰা পাঁচটা ধৰ্ষণকাৰীৰ চাৰিটাক আৰক্ষীয়ে ৯ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটকাধীন নৰাধম কেইটাক ক্ৰমে মুনিন্দ্ৰ সৰকাৰ, ৰমনী ঘোষ, শুসান মণ্ডল আৰু মনোজ বিশ্বাস বুলি চিনাক্ত কৰিছে।

উল্লেখযোগ্য যে ৮ এপ্ৰিলত অৰ্থাৎ দেওবাৰে লখিমপুৰ জিলাৰ নাওবৈচাৰ শিঙৰা নৈৰ মাথাউৰিৰ কাষত পাঁচজনকৈ নৰাধমে নৃশংসভাৱে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ উদ্দেশ্যে এটা পুখুৰীত পেলাই থৈ যায়।

অৱশ্যে সৌভাগ্যক্ৰমে  সংকটজনক অৱস্থাত কিশোৰী গৰাকীৰ মাতৃয়ে কিশোৰী গৰাকীক পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পিছতে আৰক্ষীয়ে পাঁচটা নৰাধমৰ ৪ টাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটকাধীন লোক কেইজনক পঞ্চমজন ধৰ্ষণকাৰীৰ অনুসন্ধানৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।