• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লেনিনৰ মূৰ্তি উচ্ছেদ প্ৰসংগ : মোহন ভাগৱত, নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহক ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান কৃষক মুক্তিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 9:35 pm
KMMS LoGO
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত সদ্য সমাপ্ত নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে চৰকাৰ গঠন হোৱাৰ পূৰ্বেই বিজেপিৰ কৰ্মীসকলে চূড়ান্ত ফেচিবাদী মানসিকতা প্ৰদৰ্শন কৰি ৰাজ্যখনত থকা লেনিনৰ এটা প্ৰতিমূৰ্তি ভঙা তথা উচ্ছেদ কৰা কাৰ্য্যই দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত প্ৰকাশ কৰিছে।

বিজেপিৰ কৰ্মীসকলৰ এই কাণ্ডক কৃষক মুক্তিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে ইয়াৰ বাবে দেশবাসীৰ ওচৰত আৰ এছ এছ প্ৰধান মোহন ভাগৱত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহক ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ বাবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত বিজেপিয়ে নিৰ্বাচনত জয় লাভ কৰাৰ দুদিন পিছতে প্ৰায় তালিবানী আচৰণেৰে বিজেপিৰ কৰ্মীসকলে ৰাজ্যখনত থকা লেনিনৰ মূৰ্তি ভাঙি পেলায়। তালিবানসকলে এসময়ত আফগানিস্তানত বৌদ্ধ মূৰ্তি ভঙাৰ সৈতে এই ঘটনাক তুলনা কৰিছে সচেতন লোকসকলে। আনকি ইয়াক গণতন্ত্ৰৰ ওপৰত আঘাত আখ্যা দিয়া দেখা গৈছে।

এইখিনিতে মনত পেলাব পাৰি যে ২০০১ চনত আফগানিস্তানত অসহিষ্ণুতাৰে তালিবানসকলে হাজাৰ বছৰীয়া বুদ্ধমূৰ্তি ভাঙি পেলাইছিল। সমগ্ৰ বিশ্বই এই দুৰ্ভাগ্যজনক ঘটনাৰ কঠোৰ গৰিহণা দিছিল।

কালি ঘটা ত্ৰিপুৰাৰ লেনিনৰ মূৰ্তি ভঙা ঘটনাটোৰো সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। প্ৰায়বোৰ ৰাজনৈতিক বিশ্লেষকে ইয়াক চূড়ান্ত স্বৈৰাচাৰৰ নিদৰ্শন বুলি অভিহিত কৰিছে।

আজি এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো- ডি-শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে দুখ প্ৰকাশ কৰে।

সংগঠনটোৰ নেতৃবৃন্দই এই কাৰ্য্যক চুলতান মামুদে ভাৰতত চলোৱা লুট-পাতৰ সৈতে তুলনা কৰে।

তেওঁলোকে কয় ‘গজনীৰ চুলতান মামুদে ভাৰতৰ সোমনাথ মন্দিৰত লুট-পাত চলোৱা, কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰা এই ঘটনা সমূহৰ সৈতে ত্ৰিপুৰাৰ বিজেপি কৰ্মীয়ে লেনিনৰ মূৰ্তি ভঙাটো সম্পূৰ্ণ একে কথা।’

Statue of Lenin
ত্ৰিপুৰাত বিজেপি কৰ্মীয়ে লেনিনৰ মূৰ্তি ভাঙি পেলোৱাৰ দৃশ্য।

তদুপৰি নেতৃবৰ্গই চি পি আই এম কৰ্মীক আক্ৰমণ কৰা কাৰ্য্যক তালিবানী সন্ত্ৰাস আখ্যা দি কয়, ‘মুখত ক’লা কাপোৰ বন্ধা বিজেপি তথা আৰ এছ এছ ভক্তই বাওঁপন্থী কৰ্মীৰ ওপৰত আক্ৰমণ চলাই তথা চি পি আই এমৰ কাৰ্য্যালয় জ্বলাই দি বিশ্ব ইতিহাসত তালিবানৰ যি স্থান সেই স্থানেই ল’লে। ২০০১ চনত তালিবানে আফগানিস্তানত বৌদ্ধ মূৰ্তিসমূহ ভাঙি বিশ্বৰ মানুহক শংকিত কৰি তোলাৰ দৰে ২০১৮ চনত বিজেপি কৰ্মীয়ে কেমেৰাৰ সন্মুখত লেনিনৰ মূৰ্তি ভঙাটো তালিবানী সন্ত্ৰাসৰে ইংগিত বহন কৰিছে।’

আনহাতে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ নামফলকত ক’লা ৰঙ সনাৰ প্ৰতিবাদত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰি নেতৃবৃন্দই কয় ‘বিজেপি আৰ এছ এছ কৰ্মীৰ ওপৰত ত্ৰিপুৰা বিজেপি চৰকাৰে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।’

লক্ষণীয়ভাবে সংগঠনটোৰ নেতৃবৰ্গই এই কাৰ্য্যৰ বাবে আৰ এছ এছ প্ৰধান মোহন ভাগৱত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহক ৰাজহুৱাভাৱে ভাৰতবাসীৰ সন্মুখত ক্ষমা খুজিবৰ বাবে আহ্বান জনোৱাৰ লগতে এই ঘটনাৰ সৈতে জড়িতসকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd