মেঘালয়ত শাসকীয় কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগনামা’

bjp-1.jpeg-701x389 meghalaya chargsheet

মেঘালয়ত আসন্ন বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় জনতা দলে কংগ্ৰেছ দলৰ বিৰুদ্ধে এক ‘অভিযোগনামা’ প্ৰকাশ কৰি উলিয়াইছে।

কংগ্ৰেছৰ বিৰুদ্ধে ৩৮ পৃষ্ঠাজোৰা অভিযোগনামা ‘’লুণ্ঠনৰ ১৫ বছৰ, ধ্বংসৰ ১৫ বছৰ’’ খন বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰ্যটন বিভাগৰ মন্ত্ৰী কে জে অলফোনছে মুকলি কৰে।

বিজেপিয়ে প্ৰকাশ কৰা এই অভিযোগনামাত মেঘালয়ৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ বিগত দিনৰ ব্যৰ্থতাৰ লগতে ৰাজ্যখনৰ শিক্ষা, স্বাস্থ্য, আন্ত:গাঁথনি আদি বিভিন্ন খণ্ডত প্ৰকাশ পোৱা ব্যৰ্থতা উদঙাই দিছে।

অভিযোগনামাত সীমা বিবাদ, শিশু শ্ৰমিক, দুৰ্নীতি, উগ্ৰবাদ, বিদ্যুৎ সংকটৰ লগতে ২০১৩ চনত কংগ্ৰেছ চৰকাৰে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণত ব্যৰ্থতাৰ বিষয় উত্থাপন কৰা হৈছে।

কে জে অলফোনছে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি অভিযোগ আনে যে কংগ্ৰেছ দলে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ এটাও পূৰণ নকৰিলে।

অলফোনছে মুখ্যমন্ত্ৰী ড০ মুকুল ছাংমাই ৰাজ্যখনৰ বিকাশৰ বাবে কেন্দ্ৰ চৰকাৰে কৰা কামৰ কৃতিত্ব লোৱা বুলি অভিযোগ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, বিজেপিয়ে প্ৰকাশ কৰা অভিযোগনামাত ঔষধ কোলোংকাৰী আৰু এম-টেব বিতৰণ কেলংকাৰীৰ কথা উল্লেখ কৰা নাই। বৰ্তমান বিজেপি নেতা এ এল হেক পূৰ্বতে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী আছিল।

অৱশ্যে পাইনথৰুমখ্ৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেকে এই অভিযোগ নস্যাৎ কৰি মুকুল ছাংমা নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী থাকোতে এই কেলেংকাৰী সংঘটিত হোৱা নাছিল বুলি দাবী কৰিছে।

‘’মোৰ কাৰ্যকালৰ আগতে এইবোৰ সংঘটিত হৈছিল আৰু মোৰ কাৰ্যকালত আনকি এক পইচাৰো কেলেংকাৰী সংঘটিত হোৱা নাছিল,’’-তেওঁ দাবী কৰে।

অভিযোগনামাত মেঘালয়ৰ শিক্ষা কেলেংকাৰীৰ কথা উল্লেখ কৰা হৈছে। কংগ্ৰেছ নেতা অমপৰীন লিংডোক মুখ্য অভিযুক্ত হিচাপে ইয়াত চিহ্নিত কৰা হৈছে।