শিশুসকলে ইলেকট্ৰনিক সামগ্ৰীত দিয়া সময় হ্ৰাস কৰা উচিত : দীনেশ গোস্বামী

গুৱাহাটীৰ চানমাৰিত চলি থকা ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠিত দুদিনীয়া শিশু মহোৎসৱৰ সামৰণি কাৰ্য্যসূচীত ভাগ লৈ আজি বিশিষ্ট বিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে কয় যে শিশুসকলে ম’বাইল, কম্পিউটাৰ, টিভিত দিয়া সময় হ্ৰাস কৰা উচিত। তেওঁ লগতে কয় যে শিশুসকলে নিজৰ সফলতাৰ বাবে অধিক পৰিশ্ৰমৰ অনুশীলন কৰা উচিত। তেওঁ অভিযোজনমূলক চিন্তা আৰু উদ্ভাৱনৰ প্ৰয়োজনীয়তাতো গুৰুত্ব দিয়ে।

উল্লেখযোগ্য যে গ্ৰন্থমেলা প্ৰাংগণত ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়াকৈ এখন শিশু উৎসৱ পতা হৈছিল। উক্ত উৎসৱত মহানগৰীৰ বিভিন্ন কোণৰ পৰা অহা বিভিন্ন বয়স গোটৰ শিশুসকলে বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈছিল। কুইজ, পেইণ্টিং, কবিতা আবৃত্তি, অভিধান চোৱা, আকস্মিক বক্তৃতাৰ লগতে ৰং-বিৰং নামৰ এটা সাংস্কৃতিক কাৰ্য্যসূচীতো শিশুসকলে অংশগ্ৰহণ কৰিছিল। কাৰ্য্যসূচীটো শিশু সুৰক্ষা সমাজৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা হৈছিল।

শিশুৰ কাৰ্য্যসূচীটোৰ সামৰণি অনুষ্ঠানত আন এগৰাকী লেখিকা পদ্মশ্ৰী বঁটা প্ৰাপক এৰি আহমেদেও অংশগ্ৰহণ কৰিছিল। লেখিকাগৰাকীয়ে শিশুসকলক সুস্থ আৰু দায়িত্ববোধ সম্পন্ন ব্যক্তিত্বৰ অধিকাৰী হ’বলৈ আহ্বান জনায়। তেওঁ শিশুসকলক উদ্দেশ্যি কয় যে জাতি, ধৰ্ম, বৰ্ণৰ ঊৰ্ধ্বত থাকি নিজৰ চিন্তাৰ বিকাশ কৰিব লাগে। লগতে তেওঁ অসমীয়া পৰিচয়ৰ মাজেৰে জীৱনক চাবলৈও আহ্বান জনায়।

সামৰণি অনুষ্ঠানটোত সভাপতিত্ব কৰে সুমন্ত চলিহাই। শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, তোষপ্ৰভা কলিতাও অনুষ্ঠানটোত উপস্থিত আছিল।

ইয়াৰ পূৰ্বে শিশুসকলৰ মাজত ‘কলম তৰোৱালতকৈ শ্ৰেষ্ঠ’ আৰু ‘ইংৰাজী ভাষাৰ আগ্ৰাসন অসমীয়া ভাষাৰ বাবে এটা ভাবুকি’ এই দুটা বিষয়ত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সামৰণি অনুষ্ঠানত শিশু প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়।