শিৱসাগৰৰ ডিমৌত নৈশ বাছ দুৰ্ঘটনাত পতিত হ’ল

শিৱসাগৰৰ ডিমৌৰ ওচৰত দুৰ্ঘটনাত পতিত বাছখন।

আজি নিচেই পুৱাতে শিৱসাগৰৰ ডিমৌৰ দিচাং ৰজাবাৰীত গুৱাহাটীৰ পৰা আহি থকা এখন নৈশ বাছ দুৰ্ঘটনাত পতিত হয়। বাছখনত মুঠ ৩০ জন যাত্ৰী আছিল। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। আন বহুকেইজন আহত হয় বুলি সূত্ৰটোৱে জনাইছে। আহতসকলক ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় আৰু তাৰ পাছত গুৰুতৰভাৱে আহতসকলক প্ৰসাশন আৰু ডিমৌৰ স্থানীয় যুৱক সকলৰ সহযোগত উন্নত চিকৎসা কাৰণে ডিব্ৰুগড় লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

শেহতীয়া খবৰৰ সূত্ৰমতে পুৱাৰ ভাগত থকা ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো ঘটিবলৈ পালে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নং AS 09A 5435 আৰু এইখন গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। বাছখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এম ফিল পৰীক্ষা দিবলৈ যোৱা কেইবাজনো ছাত্ৰ-ছাত্ৰী আছিল আৰু তেওঁলোকৰ মাজৰ কেইবাজনো আহত হৈছে। নিহত ব্যক্তিজন আবুল হুছেইন বুলি জনা গৈছে আৰু তেওঁ অসম সংখ্যালঘু উন্নয়নৰ সদস্য আছিল আৰু তেওঁৰ ঘৰ গুৱাহাটীৰ শিলপুখুৰীৰ সমীপৰ ইচলামপুৰ পথত। দুৰ্ঘটনাটোত হুছেইনৰ কন্যাও আহত হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বাছচালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।