শিৱসাগৰ আমগুৰিত বিদ্যুৎ প্ৰবাহিত হৈ এজনৰ মৃত্যু

sivasagar

শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডত আজি ২ আগষ্টত বিয়লি জেনেৰেটৰৰপৰা বিদ্যুৎ প্ৰবাহিত হৈ এজন যুৱকৰ শোকাৱহভাৱে মৃত্যু হয়।

জানিব পৰা মতে ৭নং ৱাৰ্ড নিবাসী পতুল গগৈৰ ঘৰত দিন হাজিৰা কৰা নীলোৎপল দত্ত (১৮ বছৰীয়া) নামৰ যুৱকজনে জেনেৰেটৰ চলাবলৈ যাওঁতে বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যুক সাৱটি ল’ব লগা হয়।

ঘটনাস্থলীত উপস্থিত আমগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি জেনেৰেটৰ সংযোগী ত্ৰুটিপূৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে।

নীলোৎপলক তেওঁৰ লগতে কাম কৰা আন এজনে জেনেৰেটৰৰ কাষতে মৃত অৱস্থাত পৰি থকা দেখিছিল।

ডিব্ৰুগড়ৰ চাবুৱা ৰহমৰীয়া বগৰীতলীয়া গাঁৱৰ নীলোৎপলে বিগত চাৰি বছৰ ধৰি আমগুৰিৰ ব্যৱসায়ী পতুল গগৈৰ ঘৰত কৰ্মৰত হৈ আছিল।