শিৱসাগৰ মইনা পাৰিজাতে পালে সমাৰোহৰ শ্ৰেষ্ঠতাৰ বঁটা

কলিয়াবৰত কালি সামৰণি পৰা সদৌ অসম ষষ্ঠদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ পৰা শিৱসাগৰ মইনা পাৰিজাত সগৌৰৱে উভতি গ’ল শ্ৰেষ্ঠতাৰ বঁটা লৈ। শিৱসাগৰে গোটেই সমাৰোহখনতে বিভিন্ন প্ৰতিযোগিতাসমূহত দল হিচাপেও আৰু মইনাবিলাকৰ ব্যক্তিগত অংশগ্ৰহণৰ ফালৰ পৰাও উন্নত প্ৰদৰ্শন আগ বঢ়ায়। ব্যায়াম, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক প্ৰতিযোগিতা, তৰ্ক, কুইজ আদি প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। দলীয় আৰু ব্যক্তিগত উন্নত প্ৰদৰ্শনৰ বাবে সামগ্ৰিকভাৱে শিৱসাগৰে প্ৰথম স্থান দখল কৰে। আনহাতে কলিয়াবৰে দ্বিতীয় আৰু উত্তৰ লখিমপুৰে তৃতীয় স্থান দখল কৰে।

উল্লেখযোগ্য যে যোৱা ২৬ ডিচেম্বৰৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা সমাৰোহত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৩০০০ অধিক মইনাই বিভিন্ন শাখাৰ পৰা যোগদান কৰিছিল। সমাৰোহখনৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিশুসকলে নিজৰ নিজৰ প্ৰতিভা তথা দক্ষতাক এখন বহল মঞ্চত দাঙি ধৰাৰ সুযোগ লাভ কৰে। কালিৰ সামৰণি অনুষ্ঠানত শিশু সাহিত্যিক বন্দিতা ফুকন উপস্থিত থাকি অনুষ্ঠানটোৰ মৰ্য্যাদা বৃদ্ধি কৰে। নিজৰ বক্তব্যত তেওঁ শিশুসকলৰ মাজত স্বকীয় প্ৰতিভা আৰু শক্তি লুকাই থকা বুলি কয়। তেওঁৰ লগতে সাহিত্যিক গুণীন হাজৰিকা আৰু যুৱ লেখক ধ্ৰুৱজ্যোতি শৰ্মাও সামৰণি অনুষ্ঠানটোত উপস্থিত আছিল। ইয়াৰ পূৰ্বে সমাৰোহৰ তৃতীয় দিনটোৰ কাৰ্য্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰিছিল। কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীজনে সদৌ অসম মইনা পাৰিজাতলৈ ১২ লাখ টকাৰ অনুদান আগ বঢ়োৱাৰ কথাও ঘোষণা কৰিছিল।