শোণিতপুৰৰ বৰভগীয়াত কাউৰীৰ অস্বাভাৱিক মৃত্যু

এন ই নিউজ ব্যুৰো, গুৱাহাটী : শোণিতপুৰ জিলাৰ বৰভগীয়া গাঁৱত ক’লা কাউৰী বগা হৈ মৃত্যু মুখত পৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰায় এমাহ আগতে এটা উৰা বাতৰি বিয়পি পৰিছিল যে কাউৰীবোৰ বগা হৈ পৰি মৃত্যু হ’ব ধৰিছে। স্থানীয় লোকসকলে কথাটোত লক্ষ্য ৰাখিলে আৰু দেখা পালে যে কথাটোৰ কিছু সত্যতা আছে। ঢোৰা কাউৰীকে ধৰি ১২ টাকৈ  কাউৰী সিহঁতৰ পাখিবোৰ বগা হৈ পৰাৰ পিছতে মৃত্যু মুখত পৰিছিল। গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ আঁতৰৰ গাঁৱখন এই ৰহস্যজনক ৰোগৰ আৱিৰ্ভাৱত সন্ত্ৰস্ত হৈ পৰিছিল আৰু ৰোগবিধে হাঁহ-পাৰ আদিক আক্ৰান্ত কৰে নেকি তাক লৈ চিন্তিত হৈ পৰিছিল।

প্ৰথমতে, বগা পাখিৰ সৈতে এটা কাউৰী দেখি গাওঁবাসীয়ে ভাবিছিল এইটো এটা বগা পৰা ৰোগ। কিন্তু যেতিয়া তেওঁলোকে অধিক বগা পাখিৰ কাউৰী তথা ঢোৰাকাউৰী দেখা পালে তেতিয়াই তেওঁলোক সজাগ হৈ পৰিল। এগৰাকী শিক্ষয়িত্ৰী তথা প্ৰকৃতিপ্ৰেমী প্লাবিতা ওজাই কয় যে যেতিয়া পাখিবোৰ বগা হৈ পৰিবলৈ আৰম্ভ কৰে কাউৰীবোৰ উৰিব নোৱাৰা হৈ পৰে। ‘’মই ভাৱিছিলো বগা ৰংটো নিশ্চয় প্ৰজনন সম্পৰ্কীয় লক্ষণ হ’ব পাৰে। তাৰপিছত মই বিশেষজ্ঞৰ সহায় লোৱাৰ কথা ভাবিলো। ঢোৰাকাউৰী আৰু পাতিকাউৰীবোৰে পৰিৱেশ পৰিস্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে‘’, তেওঁ কয়। প্লাবিতা ওজাই এই ৰহস্যটো ছচিয়েল মিডিয়াত প’ষ্ট দি এই অচিনাকি ৰোগটোৰ ক্ষেত্ৰত সহায় বিচাৰিলে। ‘’ছচিয়েল মিডিয়াই মোক পশু চিকিৎসকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰিলে। যোৰহাটৰ এগৰাকী অধ্যাপকে মোক ফোন নম্বৰ দি সহায়ৰ বাবে আগবাঢ়ি আহিল,’’ তেওঁ কয়। উল্লেখযোগ্য যে যোৱা ২৩ তাৰিখে পশু চিকিৎসকগৰাকীয়ে অনুসন্ধানৰ বাবে মৃত কাউৰীৰ পৰা নমুনা সংগ্ৰহ কৰিছে।