ষাঠি শতাংশ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পাব বুলি নিটি আয়োগৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

brahmaputra-river-banner-1513923430

অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকট নামি অহাৰ আশংকাই দেখা দিছে। চীনৰ অভিসন্ধি নহয়,  প্ৰাকৃতিক কাৰণতেই ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ আশংকা কৰা হৈছে।

নিটি আয়োগৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জল সংৰক্ষণৰ বাবে শেহতীয়াকৈ প্ৰস্তুত কৰা প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।

আয়োগৰ প্ৰতিবেদন অনুসৰি যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পানী ৬০ শতাংশলৈকে হ্ৰাস পাব পাৰে। ইয়াৰ অন্যতম কাৰণ হৈছে হিমালয়ৰ হিমবাহ  দ্ৰুতগতিত গলিবলৈ ধৰা তথা সংকোচন হোৱা।

হিমবাহৰ এই সংকোচনৰ আঁৰত কেৱল জলবায়ুৰ পৰিবৰ্তনেই একমাত্ৰ কাৰণ নহয়। ভূগৰ্ভত থকা টেকট’নিক প্লেটৰ অস্বাভাৱিক উঠা-নমাৰ বাবেও গ্লেছিয়াৰসমূহ ক্ৰমশঃ খহি পৰিবলৈ আৰম্ভ কৰিছে বুলি নিটি আয়োগৰ প্ৰতিবেদনত চিন্তা ব্যক্ত কৰা হৈছে।

কেৱল সেয়াই নহয়, ভূগৰ্ভস্থ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে গ্লেছিয়াৰসমূহ স্থানচ্যুত হ’বলৈও আৰম্ভ কৰিছে বুলি আয়োগৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে।

কেৱল ব্ৰহ্মপুত্ৰই নহয়, গংগাকে ধৰি আন বহুতো মুখ্য নদীতো ইয়াৰ বিৰূপ প্ৰভাৱ কৰিবলৈ আৰম্ভ কৰিছে।

আয়োগৰ প্ৰতিবেদন অনুসৰি উদ্বিগ্নতাৰ কাৰণটো হৈছে তিব্বতত থকা গ্লেছিয়াৰসমূহ ক্ৰমাৎ উত্তৰৰ দিশে অৰ্থাৎ চীনৰ দিশে ধীৰে ধীৰে স্থানচ্যুত হৈছে আৰু ভূগৰ্ভস্থ টেকট’নিক প্লেটকেই ইয়াৰ বাবে দায়ী কৰা হৈছে।

আনহাতে, জলবায়ুৰ পৰিবৰ্তনৰ বাবে গ্লেচিয়াৰসমূহৰ উচ্চতা বছৰি ৩২ চেণ্টিমিটাৰৰ পৰা ৮০ চেণ্টিমিটাৰলৈকে হ্ৰাস পাবলৈ ধৰিছে।

এই প্ৰক্ৰিয়া চলি থাকিলে অতি কম সময়ৰ ভিতৰত অসমকে ধৰি হিমালয়ৰ পাদদেশত থকা মুঠ ১২খন ৰাজ্যৰ প্ৰায় ৫ কোটি লোকৰ জীৱন পানীৰ অভাৱত বিপদাপন্ন হৈ পৰিব বুলি নিটি আয়োগৰ প্ৰতিবেদনখনত সকীয়াই দিয়া হৈছে।

নিটি আয়েগে ইয়াৰ প্ৰতিৰোধৰ বাবে সষ্টম হৈ পৰিছে। এই প্ৰত্যাহ্বানৰ মোকবিলা কৰিবলৈ আয়েগে নিজৰ প্ৰতিবেদনখনত তিনিটা পৰ্যায়ত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

কেন্দ্ৰীয় চৰকাৰে যি সময়ত জলবিদ্যুৎ ৰূপায়ণৰ বাবে বৃহৎ নদীবান্ধৰ পক্ষে থিয় দিছে সেই সময়তে ব্ৰহ্মপুত্ৰ তথা হিমালয়ৰ পৰা বৈ অহা নদীসমূহক ৰক্ষাৰ বাবে নিটি আয়োগৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ প্ৰতিবেদনত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে  মত প্ৰকাশ কৰি  চৰকাৰক  নদীবান্ধ সম্পৰ্কীয় নীতি পুনৰীক্ষণৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে।