সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ দ্বাৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুমুঠি দাহ

15781109595_74ee8a1390_b

বিটিএডিৰ বিভিন্ন জিলাৰ লগতে সমগ্ৰ অসমতে ডি ভোটাৰৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক সীমা আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ প্ৰতিবাদত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই (ABMSU) আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুমুঠি দাহ কৰে।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘মুখ্য মন্ত্ৰী হায় হায়’, ‘সীমা আৰক্ষী হায় হায়’, ‘আমাক ন্যায় লাগে’, ‘ডি ভোটাৰৰ নামত সংখ্যালঘু সম্প্ৰদায়ক হাৰাশাস্তি কৰা বন্ধ কৰক’ ‘সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা জিন্দাবাদ’ আদি ধ্বনি দিয়ে।

প্ৰতিবাদকাৰীসকলে ধুবুৰী পথেৰে আহি কোকৰাঝাৰৰ ভোটগাঁৱত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুমুঠি দাহ কৰে।

আজি কোকৰাঝাৰৰ ভোটগাঁৱত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ভোটগাঁও সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জেইদুল ইছলামে কয় যে ডি ভোটাৰৰ নামত সীমা আৰক্ষী বাহিনীয়ে সংখ্যালঘু সম্প্ৰদায়ক সুদীৰ্ঘ দিন ধৰি হাৰাশাস্তি কৰি আহিছে আৰু সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই বহু দিন ধৰি সীমা আৰক্ষীয়ে সংখ্যালঘু সম্প্ৰদায়ক কৰি অহা হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনাই আহিছে।

তেওঁ আৰু কৈছে যে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই মুখ্য মন্ত্ৰী সোণোৱালৰ জুমুঠি দাহ কৰিছে কাৰণ হৈছে মুখ্য মন্ত্ৰী সোণোৱাল অসমৰ গৃহ বিভাগৰো দায়িত্বত আছে। গৃহ বিভাগৰ অধীনস্থ সীমা আৰক্ষীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰি আহিছে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ হাতত সকলো নথি-পত্ৰ আছে নে নাই প্ৰশ্ন কৰি জাননী প্ৰেৰণ কৰি আহিছে।

ইছলামে আৰু কৈছে যে প্ৰতিবাদকাৰীসকলে দীৰ্ঘ দিন ধৰি অমীমাংসিত হৈ থকা ডি ভোটাৰ সমস্যাৰ যিমান পাৰি শীঘ্ৰে সমাধান কৰাৰ দাবী জনাইছে আৰু জুলাইৰ ৩০ তাৰিখে প্ৰকাশ হ’বলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰা সন্দৰ্ভত আতংকিত নহ’বলৈ জনসাধাৰণলৈ আহ্বান জনাইছে।