সন্দেহৰ আৱৰ্তত লেন্স নায়ক য়াংমি মুইওৰ মৃত্যুৰ ঘটনা : হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী পৰিয়ালৰ

suicide

প্ৰতিনিধিত্বমূলক ফটো।

মণিপুৰৰ টেৰিটৰিয়েল আৰ্মিৰ ১৬৫ বেটেলিয়নত কৰ্মৰত অৱস্থাতে লেন্স নায়ক য়াংমি মুইওৰ মৃত্যু হোৱা ঘটনাটোৱে এতিয়া নতুন মোৰ লৈছে। বেটেলিয়নটোৰ ৱায়াৰলেছ বিভাগত কাম কৰা জোৱানজনৰ মৃত্যুত গভীৰ ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকসকলে।

বেটেলিয়নটোৰ বিষয়াসকলে ৩৪ বছৰীয়া য়াংমি মুইৱে আত্মহত্যা কৰা বুলি কৈ আহিছে যদিও য়াংমি মুইওৰ পত্নী টিমৰাওন মুইওৱে স্পষ্টকৈ কৈছে যে এয়া আত্মহত্যাৰ ঘটনা হ’বই নোৱাৰে।

উল্লেখযোগ্য যে বেটেলিয়নটোৰ ৱায়াৰলেছ বিভাগত চাকৰি কৰা য়াংমি মুইওৰ মৃত্যু হৈছিল যোৱা ১৮ জানুৱাৰিত। পৰিয়ালৰ মতে, তেওঁৰ মৃত্যুৰ বিষয়ে বেটেলিয়নটোৰ ফালৰ পৰা জনোৱা হোৱা নাছিল। কিন্তু এজন একে গাৱঁৰে সতীৰ্থই খবৰ দিয়াতহে তেওঁলোকে জানিব পাৰিছিল।

কিন্তু তাৰ পিছতে তেওঁলোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতো মৃতদেহ চাবলৈ দিয়া হোৱা নাছিল। আনকি দ্বিতীয় দিনাও তেওঁলোকক মৃতদেহৰ ওচৰলৈ যাবলৈ দিয়া নাছিল বেটেলিয়নটোৰ বিষয়াসকলে। মৃতদেহ ইম্ফলত থকা জৱাহৰলাল নেহৰু ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেজত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতহে পৰিয়ালৰ লোকক চাবলৈ দিয়া হৈছিল।

‘মই যেতিয়া মোৰ ননদৰ মুখত মোৰ স্বামীৰ মৃত্যুৰ বাতৰি পাওঁ, তেতিয়া মই ধাননি পথাৰত আছিলো। আমি সেই দিনাই লেইমাখং কেম্পলৈ যাওঁ, য’ত মোৰ স্বামীক হত্যা কৰা হৈছিল। কিন্তু সেনা বিষয়াসকলে আমাক মৃতদেহ চাবলৈ নিদিলে।

আমাক পিছদিনা পুৱা আহিবলৈ ক’লে। কিন্তু তেতিয়াও আমাক চাবলৈ দিয়া নহ’ল। সন্ধিয়ালৈ যেতিয়া মৃতদেহটো জৱাহৰলাল নেহৰু ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেজত মৰণোত্তৰ পৰীক্ষা কৰা হয়, তেতিয়াহে আমি দেখা পাইছো।’ টিমৰাওন মুইওৱে কয়।

সংবাদ মাধ্যমৰ আগত টিমৰাওন মুইওৱে তেওঁৰ স্বামীৰ মৃত্যুৰ ঘটনাটোৰ পৰৱৰ্তী সময়ত বেটেলিয়নটোৰ বিষয়াসকলৰ স্থিতিৰ বিষয়ে অৱগত কৰি কয় যে বিষয়াসকলে পৰিয়ালৰ লোকক সহযোগ কৰা নাছিল। সেনা বিষয়াসকলৰ পৰা কোনো সঁহাৰি নাপাই তেওঁলোকৰ পৰিয়ালৰ তিনিজন লোক কাংপোকপি জিলাৰ চাপৰমেইনা আৰক্ষী থানাত এখন এজাহাৰ দিয়ে।

তাৰ পিছত আৰক্ষীৰ দল লেইমাখং ৫৭ মাউণ্টেইন ডিভিজনৰ গেৰিছনলৈ যায় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

‘এফ আই আৰ দিয়াৰ পিছতে ১৬৫ টেৰিটৰিয়েল আৰ্মিৰ কমাণ্ডিং অফিচাৰে আমাক ন্যায় বিচাৰ কৰা হ’ব বুলি জনায়। কিন্তু এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নহ’ল। আমি এতিয়াও ন্যায়ৰ অপেক্ষাত আছো।’ পত্নী টিমৰাওন মুইওৱে কয়।

আনহাতে তেওঁ কয় যে বিষয়াসকলে যদিও ইয়াক আত্মহত্যা বুলি কয়, মৰণোত্তৰ পৰীক্ষাই হত্যা বুলিহে ইংগিত দিছে।

লক্ষণীয়ভাৱে পৰিয়ালৰ লোকে দাবী কৰিছে যে মুইওৰ গাৱঁলৈ বেটেলিয়নটোৰ দুজন লেফটেনেণ্ট কৰ্নেল গৈ তাৰ স্থানীয় লোকসকল আৰু গাওঁবুঢ়াক লগ কৰি হত্যাৰ ঘটনাটোক এটা আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল।