সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি অৰুণাচলৰ মুখ্য মন্ত্ৰীয়ে সহায়ৰ প্ৰতিশ্ৰুতি দিলে অসম সাহিত্য সভাক

অসম-অৰুণাচলৰ মাজৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি  অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ৭৪তম অসম সাহিত্য সভাৰ আগন্তুক বৰডুমচা অধিৱেশনত সহযোগিতাৰ আশ্বাস দিছে। অধিৱেশনখন অহা ১ ফেব্ৰুৱাৰিৰ পৰা ৪ ফেব্ৰুৱাৰিলৈ অসমৰ তিনিচুকীয়া জিলাৰ বৰডুমচাৰ মাৰ্ঘেৰিটা উপ-সংমণ্ডলৰ বুঢ়ীদিহীং মৌজাৰ ৰিতু পথাৰ আৰু মহং পথাৰত অনুষ্ঠিত হ’ব। অসমৰ এই ঠাইডোখৰ অৰুণাচলৰ চাংলাং জিলাৰো সীমামূৰীয়া।

উল্লেখযোগ্য যে অৰুণাচলৰো সীমামূৰীয়া ঠাই বাবে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত এটা সাতজনীয়া প্ৰতিনিধি দলে অলপতে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীজনক সাক্ষাৎ কৰি সহায়ৰ বাবে অনুৰোধ জনাইছিল।

‘আমি সুখী যে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে আমাক সম্ভাব্য সকলো ধৰণৰ সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে।’ সাধাৰণ সম্পাদক ৰাজবংশীয়ে কয়। উল্লেখযোগ্য যে যোৱা ৬ ডিচেম্বৰত বৰডুমচা অধিৱেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অধিৱেশখনলৈ সকলো প্ৰকাৰৰ সহায় আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল। ইতিমধ্য অসম চৰকাৰে ইয়াৰ বিভিন্ন বিভাগক নিজৰ নিজৰ পৰিসৰৰ ভিতৰত অসম সাহিত্য সভাৰ অধিৱেশনত সহায় কৰিবলৈ নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। বিশেষকৈ খোৱাপানী যোগান, বিদ্যুৎ যোগান আৰু পথ যোগাযোগৰ সুবিধা কৰিবৰ বাবে নিৰ্দেশনা দিছে।