মাতৃত্ব তথা মানৱতাক ভূ-লুণ্ঠিত কৰি এটি নৱজাতকক কোনোবা কাঠচিতীয়াই নিক্ষেপ কৰিলে নদীত। এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰিত। আজি ৰাতিপুৱা স্থানীয় ৰাইজে নৱজাতকটিৰ মৃতদেহ তাওকাক নদীৰ দলঙৰ তলত পৰি থকা দেখা পাই উদ্ধাৰ কৰি আনে। অপত্যস্নেহৰ টান উপেক্ষা কৰি কোনো পাষাণ হৃদয়ৰ মাতৃয়ে মুখলজ্জা ঢাকিবলৈ এই কাৰ্য কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। কোনো মহিলাই স্থানীয় হস্পিটেলত গোপনে নৱজাতকটিক জন্ম দি আন্ধাৰৰ সুযোগ লৈ তাওকাক নদীৰ দলঙৰ তলত পেলাই থৈ যাই বুলি স্থানীয় লোকে সন্দেহ কৰিছে। স্থানীয় লোকসকলে শিশুটিক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে। আনহাতে নৱজাতকৰ মৃতদেহ উদ্ধাৰে সৰু নগৰখনত যে অনৈতিক কাৰ্যকলাপ সততে সংঘটিত হৈ আছে তাৰেই প্ৰমাণ বুলিও স্থানীয় লোকসকলে মন্তব্য দিছে।