সোমবাৰে হিৰ’ আই লীগত লাজঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আইজল এফ চি

football

প্ৰতিনিধিত্বমূলক চিত্ৰ

চলিত হিৰ’ আই লীগৰ এখন ৰোমাঞ্চকৰ খেলত অহা সোমাবাৰে আইজলত ঘৰুৱা দল আইজল এফ চিয়ে শ্বিলং লাজঙৰ মুখামুখি হ’ব। খ্ৰীষ্টমাছৰ প্ৰাকক্ষণত মিজোৰামত হ’ব লগীয়া খেলখনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ফুটবল প্ৰেমীৰ মাজত যথেষ্ট উচ্ছাহ দেখা গৈছে। উল্লেখযোগ্য যে এই বছৰৰ এপ্ৰিলত শ্বিলং লাজঙৰ বিৰুদ্ধে  ড্ৰ খেলি আই লীগৰ চেম্পিয়ন হোৱা আইজল এফ চি বৰ্তমান হিৰ’ আই লীগত ৪ পইণ্ট সংগ্ৰহ কৰি ষষ্ঠ স্থানত থকাৰ বিপৰীতে শ্বিলং লাজঙে ৭ পইণ্টেৰে ৪ৰ্থ স্থানত আছে। বৰদিনৰ পূৰ্বে আইজলৰ দলটো ঘৰুৱা মাটিত হ’ব লগীয়া শেষ খেলখনত  শ্বিলং লাজঙৰ বিৰুদ্ধে জয়ী হ’ব বুলি মিজোৰামৰ ফুটবল প্ৰেমী সকল যথেষ্ট আশাবাদী। উল্লেখযোগ্য যে হিৰ’ আই লীগৰ যোৱা ১৩ ডিচেম্বৰৰ খেলখনত আইজল এফ চিয়ে চাৰ্চিল ব্ৰাডাৰ্চক পৰাস্ত কৰিছিল। আনহাতে ১৪ ডিচেম্বৰৰ খেলখনত শ্বিলং লাজং এফ চিয়ে মোহন বাগানৰ বিৰুদ্ধে ড্ৰ খেলিয়ে সন্তুষ্ট থাকিব লগীয়া হয়। লাজং দলৰ প্ৰশিক্ষক ববি নংবেতে নৰ্থ ইষ্ট নাওক জনাই যে তেওঁৰ দলে ঘৰুৱা দলটোৰ বিৰুদ্ধে সম্পূৰ্ণ ৩ পইণ্ট সংগ্ৰহ কৰিব পাৰিব বুলি নিশ্চিত। লগতে তেওঁ কয় ‘মই স্বীকাৰ কৰো যে আইজল দলে যোৱা দুখন খেলত যথেষ্ট ভাল খেলিছে, কিন্তু আমি ৩ পইণ্ট অৰ্জন কৰিবলৈ সম্পূৰ্ণ চেষ্টা চলাম।’ আনহাতে আইজল দলৰ প্ৰশিক্ষক মেনেজেছে কয় যে তেওঁৰ দলে চাৰ্চিল ব্ৰাডাৰ্চৰ বিৰুদ্ধে লোৱা কৌশল অহা সোমবাৰে হ’ব লগীয়া খেলখনটো ব্যৱহাৰ কৰিব। সোমবাৰে ২ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া খেলখনত বহু লোকৰ সমাগম হোৱাৰ আশা আছে।