হিমাই গঢ়া ইতিহাসৰ বাবে ডেৰাডুনত পালন ‘হিমা দাস দিৱস’

37265760_2184536745166744_5438497133059637248_n

ফিনলেণ্ডত বিশ্ব জয় কৰি দেশক গৌৰৱান্বিত কৰা হিমা দাসৰ সাফল্যত অসমৰ লগতে দেশৰ অন্য প্ৰান্তত এতিয়াও অব্যাহত আছে আনন্দৰ লহৰ। হিমাই গঢ়া ইতিহাসৰ বাবে এতিয়া বহুতো নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে প্ৰেৰণা। ঠিক সেইদৰে ডেৰাডুনত অধ্যয়নৰত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে হিমা।

হিমা দাসে গঢ়া বিশ্বাভিলেখৰ বাবে মঙলবাৰে ডেৰাডুনস্থিত জনজাতীয় স্কুল ‘ইনফ’ৰমেশ্যন টেকন’লজী, ইনষ্টিটিউট ফৰ দা ট্ৰাইবছ অব ইণ্ডিয়া’ৰ ছাত্ৰ-ছাত্ৰীসকলে পালন কৰে ‘হিমা দাস দিৱস’।

হিমাই আজুৰি অনা সাফল্যৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বিশ্বজয় কৰি সকলোৰে নয়নৰ মণি হৈ পৰা হিমাৰ ত্যাগ, কষ্ট আৰু সাহসিকতাৰ গুণ-গান কৰে। বিদ্যালয়খনৰ শিক্ষাবিদসকলে সকলো ছাত্ৰ-ছাত্ৰীকে হিমাৰ জীৱনৰ পৰা অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।

আনহাতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে তেওঁলোকেও হিমাৰ দৰে হ’বলৈ প্ৰয়ত্ন কৰিব। আৰু দেশৰ হৈ এইদৰে গৌৰৱ কঢ়িয়াই আনিব।

ইপিনে বিদ্যালয়খনৰ অধ্যক্ষ অশোক কুমাৰ ভাৰ্ছেনীয়ে হিমা দাসৰ সাফল্যৰ চিন স্বৰূপে প্ৰতিবছৰে বিদ্যালয়খনত হিমা দাস এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলি জনায়।

হিমাৰ সাফল্যত অভিভূত হৈয়ে এনেদৰে বিশেষ সন্মান জনোৱা পৰিলক্ষিত হয় ডেৰাডুনৰ বিদ্যালয়খনে ।