মণিপুৰত ‘বিজ্ঞানৰ মাজেৰে ঢুকি নোপোৱাক ঢুকি পোৱা’ শীৰ্ষক শিৰোনামেৰে অনুষ্ঠিত হোৱা ১০৫ সংখ্যক ভাৰতীয় বিজ্ঞান সমাৱেশে ৰাজ্যখনৰ শিক্ষাৰ্থী আৰু মণিপুৰ বিশ্ববিদ্যালয়ক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰখনৰ শেহতীয়া আৱিস্কাৰ আৰু বিকাশৰ বিষয়ে এক বিস্তৃত আৰু পুংখানুপুংখ জ্ঞান দিবলৈ সক্ষম হয়।
ভাৰতীয় বিজ্ঞান সন্মিলনৰ সাংগঠনিক সম্পাদক অধ্যাপক অৰুণ কুমাৰে কয়, ‘হয়, দেশৰ ভিতৰৰ আৰু বাহিৰৰ অহা বিশিষ্ট বৈজ্ঞানিক আৰু বিশেষজ্ঞসকলৰ সৈতে ভাৱ বিনিময় কৰা আৰু সংগ লাভ কৰাটো উঠি অহা গৱেষক আৰু শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ সুযোগ।‘ বিদ্যালয়ৰ ছাত্ৰসকলে সমাৱেশৰ সময়ত এক্সপ’খন দৰ্শন কৰাৰ ফলত ইয়ে এটা স্থানীয় গুৰুত্ব লাভ কৰিছে।
মণিপুৰ বিশ্ববিদ্যালয়ৰ ধৰিত্ৰী বিজ্ঞন (আৰ্থ ছাইন্স) বিভাগৰ মুৰব্বী অধ্যাপক অৰুণ কুমাৰৰ মতে মঙলবাৰে আবেলি সমাপ্ত হোৱা সমাৱেশখনত সৰ্বমুঠ ৫,০০০ গৰাকী প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰী সমৱেত হৈছিল।
একেধৰণেৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ জন-সম্পৰ্ক ৰক্ষী বিষয়া ড০ গণেশ ছেঠীয়ে কয় যে এই শিক্ষাৰ্থী আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ বাবে নানা ধৰণৰ সুযোগ আনি দিছে।
সংখ্যক ভাৰতীয় বিজ্ঞান সন্মিলনৰ প্ৰধান গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনৰ ভিতৰত আছে ‘শিশু বিজ্ঞান সমাৱেশ’, ‘মহিলা বিজ্ঞন সমাৱেশ’আৰু ‘বিজ্ঞান সংযোগকাৰী’সমাৱেশে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল আৰু বহুতো মহিলাক যথেষ্ট লাভান্বিত কৰিছে। ১৪টা শাখা কাৰ্যক্ৰমৰ ভিতৰত আছে কৃষি আৰু বনপালনবিদ্যা বিজ্ঞান, পশু, পশু চিকিৎসা আৰু মৎস বিজ্ঞান, মানৱতত্ব আৰু পৰিৱেশ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, ধৰিত্ৰী ব্যৱস্থা বিজ্ঞান, অভিযন্ত্ৰিক বিজ্ঞান, পৰিৱেশ বিজ্ঞান, তথ্য আৰু যোগাযোগ বিজ্ঞান আৰু প্ৰযুক্তি, বস্তু বিজ্ঞান আৰু গণিত বিজ্ঞান, চিকিৎসা বিজ্ঞান, নব্য জীৱবিজ্ঞান, অজৈৱ বিজ্ঞান (ফিজিকেল ছাইন্সেজ) আৰু বৃক্ষ বিজ্ঞান।
ড০ গণেশ ছেঠীয়ে কৈছে, ‘আমাৰ বহুতো শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি আলোচনা, ভাষণ আৰু প্ৰদৰ্শন আদি কৰিছিল। এইবাৰ শিক্ষাৰ্থীসকলৰ সৈতে সাধাৰণ লোকেও অংশগ্ৰহণ কৰি পৰস্পৰ সৈতে মত কৰাৰ সুযোগ লাভ কৰিছে।
ভাৰতীয় বিজ্ঞান সমাৱেশ ২০১৮ৰ আয়োজকসকলক বিভিন্ন কাম-কাজত সহায় কৰিবলৈ নিজৰ অধ্যয়নৰ মূল্যৱান সময়খিনি স্বেচ্ছাই আগবঢ়োৱা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও কয় যে তেওঁলোকে এই বিজ্ঞান সমাৱেশখনৰ পৰা লাভান্বিত হৈছে।
কাছুং য়োথিং নামৰ মণিপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ শিক্ষাৰ্থীজনে কৈছে যে ভাৰতীয় বিজ্ঞান সমাৱেশত অংশ গ্ৰহণ কৰাৰ পিছত তেওঁ বহু কথা জানিব পাৰিছে। থ জয়লক্ষ্মী নামৰ জৈৱ-ৰাসায়ন বিষয়ৰ শিক্ষাৰ্থী এগৰাকীয়ে কৈছে যে এই সমাৱেশখনে প্ৰথমতে তেওঁলোকৰ বাৰ্তালাপ দক্ষতা বৃদ্ধি কৰিছে। দ্বিতীয়তে অন্যন্য সহ-পাঠ্যক্ৰমৰ লগতে বিজ্ঞানৰ জ্ঞানৰ ওপৰত অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। কম্পিউটাৰ বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী এল এছ ভেইছৌনিয়ে অনুভৱ কৰে যে বিজ্ঞানৰ পৰত তেওঁৰ জ্ঞান বৃদ্ধি কৰাৰ লগতে তেওঁৰ নিজৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত এটা স্পষ্ট মনোযোগ আনি দিছ।