১৪ জুলাইত ঘোষণা কৰা হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফল

Dibrugarh-University-570x320

অহা ১৪ জুলাইত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পৰীক্ষাৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব। এই কথা জানিবলৈ দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ-পৰীক্ষা নিয়ন্ত্ৰক অৰিঞ্জিত হাজৰিকাই।

উপ-পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে জানিবলৈ দি কয় যে স্নাতক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষাণ্মাসিকৰ ফলসমূহ ১৪ জুলাইৰ দিনা পুৱা ১১ বজাত ঘোষণা কৰা হ’ব।

আনহাতে, স্নাতক কলা, বাণিজ্য, বিজ্ঞান পৰীক্ষাৰ চূড়ান্ত তথা ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ্থীসকলে নিজৰ মাৰ্কশ্বিটসমূহ জিলাভিত্তিত ক্ৰমে তিনিচুকীয়া কলেজ, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, ডি চি বি ছোৱালী মহাবিদ্যালয় যোৰহাট, ডি আৰ মহাবিদ্যালয় গোলাঘাট, লখিমপুৰ মহিলা মহাবিদ্যালয় আৰু ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

উল্লেখ্য যে ফলাফলসমূহ http://www.exametc.com, http://www.indiaresult.com, http://dibruonline.in.8080/examresult, http://www.Dibru.net ত  উপলব্ধ হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।