২০১ জন যাৱজ্জীৱন কাৰাবন্দীক ৰাজ্য চৰকাৰৰ মুক্তিৰ সিদ্ধান্ত

ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কালি ৯৩ সংখ্যক জন্মদিন উপলক্ষে ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন ঠাইত বিজেপি কৰ্মকৰ্তাই সু-প্ৰশাসন দিৱস পালন কৰিলে। এই দিৱসৰ লগত সংগতি ৰাখি কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২০১ জন যাৱজ্জীৱন কাৰাবন্দীক ম্যাদ ৰেহাইকৰণৰ ব্যৱস্থাৰে মুক্তি দিয়াৰ সিদ্ধান্ত লয়। ৰেহাই সম্পৰ্ক ফাইলত ইতিমধ্যে মুখ্যমন্ত্ৰী সোণোৱালে যাৱতীয় অনুমোদন জনাইছে।

এই ম্যাদ ৰেহাইকৰণ ভাৰতীয় সংবিধানৰ ১৬১ বিধি আৰু ফৌজদাৰী কাৰ্যবিধি আইনৰ ৪৩২, ৪৩৩. ৪৩৩(ক)ধাৰা আৰু অসম কাৰাগাৰ বিধি ৫৭১নং দফাৰ অধীনত তথা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ২৩/০৭/২০১৫ৰ ৰীট আবেদন (ক্ৰিমিনেল)৪৮/২০১৪ৰ নিৰ্দেশনা মৰ্মে কাৰ্যকৰী কৰা হৈছে। লক্ষ্যণীঁয় যে বৰ্তমান চৰকাৰ খনে ইয়াৰ আগতেও ৩১জন যাৱজ্জীৱন কাৰাবন্দীক একে ব্যৱস্থাৰ অধিনতে মুক্তি দিছিল।