৩১ ডিচেম্বৰত প্রকাশ পাব ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা : কেন্দ্ৰীয় চৰকাৰ

NRC

প্ৰতিনিধিত্বমূলক চিত্ৰ

এই বর্ষৰ ৩১ ডিচেম্বৰত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশ পাব৷ প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কালি সন্ধিয়া অনুষ্ঠিত অর্থনৈতিক পৰিক্রমা দপ্তৰৰ কেবিনেট কমিটীৰ এক বৈঠকত নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ সন্দর্ভত এই প্রস্তাৱ গ্রহণ কৰা হয়৷

ইয়াৰ উপৰি বৈঠকখনত নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে ৩১ ডিচেম্বৰলৈকে মুঠ ১২২০.৯৩ কোটি টকা অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্রেছ বিবৃতিৰ অনুসৰি অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে মুঠ ৩.২৯ কোটি আৱেদনকাৰীয়ে আৱেদন জনাইছিল৷

উল্লেখযোগ্য যে বিগত বর্ষৰ ৩১ ডিচেম্বৰত নাগৰিকপঞ্জীৰ প্রথমখন খচৰা প্রকাশ পাইছিল। উক্ত খচৰাত ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত ১.৯০ কোটি নাম অন্তৰ্ভুক্ত হৈছিল।আনহাতে, নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ নথি-পত্রসমূহ সম্প্রতি পৰীক্ষা কৰি থকা হৈছে আৰু নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্রকাশ পাব এই বর্ষৰ ৩০ জুনত৷

ইয়াৰ পিছত এন আৰ চি সন্দর্ভত কোনো লোকে দাখিল কৰা অভিযোগসমূহ গ্ৰহণ কৰি ছমাহৰ ভিতৰত উক্ত অভিযোগসমূহ নিষ্পত্তি কৰি অহা ৩১ ডিচেম্বৰত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব বুলি বিবৃতিটোত কোৱা হৈছে।

নাগৰিকত্ত আইন, ১৯৫৫ আৰু নাগৰিকত্ত নিয়ম, ২০০৩ৰ অধীনত অসমত এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে।ইয়াত ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত ভোটাৰ তালিকাত নাম থকা লোক তথা তেওঁলোকৰ সতি-সন্ততিৰ নাম সন্নিৱিষ্ট থাকিব।

মন কৰিব লগীয়া কথা যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে পূর্বতে ৯০৮ কোটি টকা ধাৰ্য কৰিছিল, কিন্তু উক্ত ধনেৰে নাগৰিকপঞ্জীৰ কাম সমাপ্ত নোহোৱাত কালি কেন্দ্রীয় চৰকাৰে ১২২০.৯৩ কোটি টকা প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।