৩১ মে’ত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল

466923-assam-2-570x320 (1)

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিওটা শাখাৰ ফলাফল অহা ৩১ মে’ত প্ৰকাশ কৰা হ’ব।। সেইদিনা  দিনৰ ১১ বজাত ৰাজ্যৰ সকলো কেন্দ্ৰতে একেলগে ফলআফলসমূহ ঘোষণা কৰা হ’ব। বুধবাৰে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে এই কথা ঘোষণা কৰে।

আনহাতে, ফলাফল ঘোষণা হোৱাৰ দিনাখনেই পৰীক্ষাৰ্থীসকলে মাৰ্ক শ্বীট আৰু চাৰ্টিফিকেটো লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ কেন্দ্ৰসমূহৰ লগতে অন্যান্য মাধ্যমত ফলাফল প্ৰকাশ কৰাৰ উপৰি সংসদে মুঠ ১১টা ৱেবছাইটযোগে ফলাফল ঘোষণা কৰিব। পৰীক্ষাৰ্থীসকলে এই ৱেবছাইটযোগে ফলাফল চাব পাৰিব।  তদুপৰি এছ এম এছ যোগেও ছাত্ৰ-ছাত্ৰীসকলে ফলাফল লাভ কৰাৰ ব্যৱস্থা কৰিছে সংসদে।

লক্ষ্যণীয় যে এইবাৰ ৰাজ্যৰ মুঠ ২,৫৪,৫৬৪জন শিক্ষাৰ্থীয়ে তিনিওটা শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত প্ৰায় ১.৯৫ লাখ শিক্ষাৰ্থী কলা শাখাত, প্ৰায় ৩৮ হাজাৰ শিক্ষাৰ্থী বিজ্ঞান শাখাত আৰু ১৮ হাজাৰ শিক্ষাৰ্থী বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে।ৰাজ্যৰ মুঠ ৮২৬টা কেন্দ্ৰত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।

সংসদৰ সচিব কমলজ্যোতি গগৈয়ে সংসদে ফলাফল নিয়াৰিকৈ ঘোষণা কৰিবৰ বাবে প্ৰচেষ্টা চলাই থকা বুলি প্ৰকাশ কৰিছে। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা মেট্ৰিকতকৈ এসপ্তাহ পলমকৈ আৰম্ভ হৈছিল যদিও ফলাফল ক্ষিপ্ৰতাৰে দিবলৈ চেষ্টা কৰা হৈছে বুলিও তেও ব্যক্ত কৰে।

ফলাফল ঘোষণা কৰিবলগীয়া ৱেবছাইটকেইটাৰ বিষয়ে দুই-এদিনতে সংসদে বিজ্ঞাপন দি সদৰী কৰিব। আনহাতে, সংসদৰ নিজা ৱেবছাইট www.ahsec.nic.in-অৰ উপৰি মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবলগীয়া বহুকেইটা ৱেবছাইটত উচ্চতৰ মাধ্যমিকৰ ফলাফলো প্ৰকাশ পাব বুলি  কৰ্তৃপক্ষই সদৰী কৰে।