ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পথত আশংকা প্ৰকাশ জ্যেষ্ঠ ন্যায়াধীশৰ

justice_1

তিনিমাহ পূৰ্বে ৰঞ্জন গগৈসহ চাৰিগৰাকী ন্যায়াধীশে আহ্বান কৰা সংবাদমেলৰ দৃশ্য। ফাইল ফটো

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈ যদিহে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্ত নহয়, তেনেহ’লে ৩ মাহ পূৰ্বে ৪ জনীয়া ন্যায়াধীশৰ দলটোৱে ন্যায়পালিকাৰ কাৰ্যপ্ৰণালী সন্দৰ্ভত যি আশংকা প্ৰকাশ কৰিছিল সেয়া সত্য প্ৰমাণিত হ’ব। এই মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰৰ।

হাৰ্ভাৰ্ড ক্লাব অব ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত ‘ৰ’ল অব জুডিচিয়েৰী ইন এ ডেম’ক্ৰেচী’ শীৰ্ষক এটি অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিক কৰণ থাপাৰৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে।

আজিৰ পৰা প্ৰায় ৩ মাহ পূৰ্বে অৰ্থাৎ ১২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ৪ গৰাকী ন্যায়াধীশ ক্ৰমে অসমৰ ৰঞ্জন গগৈ, মদন বি লকুৰ, কোৰিয়ান যোছেফ আৰু  জে চেলামেশ্বৰে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰি ন্যায়পালিকাৰ কাৰ্যপ্ৰণালী সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

ভাৰতীয় আইনী  ইতিহাসত একপ্ৰকাৰ অভূতপূৰ্ব হিচাপে বিবেচিত উক্ত সংবাদমেলখনত উচ্চতম ন্যায়ালয়ৰ ভিতৰচ’ৰাৰ খামখেয়ালি উদঙাই দি চাৰিওগৰাকী ন্যায়াধীশে একপ্ৰকাৰ অনাস্থা প্ৰদৰ্শন কৰিছিল মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে।

দেওবাৰে ন্যায়াধীশ জে চেলামেশ্বৰে পুনৰবাৰ অসমৰ ৰঞ্জন গগৈৰ বিষয়টোক লৈ প্ৰকাশ কৰা আশংকা যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, চলিত বৰ্ষৰ জুনত জে চেলামেশ্বৰে অৱসৰগ্ৰহণ কৰিব। সেয়েহে জ্যেষ্ঠতাৰ ভিত্তিত অসমৰ ৰঞ্জন গগৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্ত হ’ব।

উল্লেখযোগ্য যে চলিত বছৰৰ অক্টোৱৰ মাহত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ কাৰ্যকালৰ অন্ত পৰিব। কিন্তু যদিহে নিৰ্দিষ্ট নীতি-নিয়মৰ ভিত্তিত অহা অক্টোৱৰ মাহৰ ভিতৰত ৰঞ্জন গগৈক দীপক মিশ্ৰৰ স্থলাভিষিক্ত কৰা নহয় সংবাদমেলযোগে প্ৰকাশ কৰা আশংকা বাস্তৱত প্ৰমাণিত হ’ব বুলি জে চেলামেশ্বৰে যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।

জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰে প্ৰকাশ কৰা মন্তব্যৰ পিছতে স্বাভাৱিকতে  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অসম  সন্তান ৰঞ্জন গগৈৰ নিযুক্তিক লৈ আশংকা প্ৰকাশ কৰিছে একাংশ সচেতন নাগৰিকে।