• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাখাইনলৈ উভতি যোৱাটো সুৰক্ষিত বুলি বিশ্বাস নকৰে ৰহিংগিয়াসকলে : ইউনিচেফ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 9:54 am
ৰহিংগিয়া শৰণাৰ্থী শিৱিৰত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰা মুহূৰ্তত জাষ্টিন ফৰছিথ। ফটো: টুইটাৰ

ৰহিংগিয়া শৰণাৰ্থী শিৱিৰত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰা মুহূৰ্তত জাষ্টিন ফৰছিথ। ফটো: টুইটাৰ

136
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত  থকা ৰহিংগিয়া লোকসকলে এতিয়াও ৰাখাইনত থকা নিজৰ ঘৰলৈ ঘুৰি যোৱাটো নিৰাপদ বুলি ভাৱিব পৰা নাই। কক্স বজাৰত ম্যানমাৰৰ পৰা স্থানান্তৰিত হোৱা লোকসকলক সাক্ষাৎ কৰি ইউনিচেফৰ উপ কাৰ্যবাহী সঞ্চালক জাষ্টিন ফৰছিথে এনেদৰে কৈছে।

বৃহস্পতিবাৰে ঢাকাত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে তেওঁ বাংলাদেশৰ পৰা যোৱাৰ সময়ত এটা ধাৰণা লৈ যাব ওলাইছে যে এই লোকসকলক উভতাই পঠিওৱাৰ বাবে ৰাখাইন প্ৰদেশত উপযুক্ত পৰিৱেশ সৃষ্টি কৰাটো  নিশ্চিত কৰিবলৈ দুগুণ প্ৰচেষ্টা চলাব লাগিব।

‘’আৰু এই মুহূৰ্তত ৰহিংগিয়া পৰিয়ালবোৰে ৰাখাইনৰ ঘৰলৈ উভতি যোৱাটো সুৰক্ষিত তথা নিৰাপদ বুলি বিশ্বাস কৰিবলৈ টান পাইছে,’’- দুয়োখন দেশৰ মাজত হোৱা চুক্তি অনুসৰি পুনৰ্সংস্থাপনৰ বাবে চলোৱা প্ৰস্তুতিৰ মাজতে তেওঁ এনেদৰে কয়।

ফৰছিথে অৱশ্যে ম্যানমাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰাৰ বাবে বাংলাদেশক ধন্যবাদ জনায়। ‘’সেইটো আছিল সঠিক পদক্ষেপ (পুনৰ্সংস্থাপন চুক্তি) আৰু বাংলাদেশক তাৰ বাবে ধন্যবাদ জনোৱা উচিত। কিন্তু তাত হিংসা এতিয়াও চলি আছে,’’-তেওঁ কয়।

তেওঁ কয় যে ৰাখাইনৰ পৰা ভাগি অহাৰ আগতে তেওঁলোকে প্ৰত্যক্ষ কৰা হিংসাৰ দ্বাৰা শংকিত হৈ থকা লোকসকলক তালৈ পঠিয়াই দিয়াটো সমীচিন নহ’ব।

২০১৭ ৰ ২৫ আগষ্টৰ পৰা প্ৰায় ৭০০,০০০ ৰহিংগিয়া হিংসাৰ বলি হৈ ৰাখাইন প্ৰদেশৰ পৰা পলাই আহি কক্স বজাৰত আশ্ৰয় লৈছিল। কেইবা দশকৰ ভিতৰত অঞ্চলটোত এনেধৰণৰ বৃহৎ সংখ্যক শৰণাৰ্থীৰ সমাৱেশ ঘটিছে।

ফৰছিথে বুধবাৰে কুটাপালঙ শৰণাৰ্থী শিৱিৰ পৰিদৰ্শন কৰি কৈছিল যে ইয়াত থকা ৫৮ শতাংশই হৈছে শিশু আৰু তাৰে অধিকাংশই এতিয়াও হিংসাৰ অভিজ্ঞতাৰ দ্বাৰা শংকিত হৈ আছে।

বাংলাদেশৰ পৰা ৰহিংগিয়া শিশুসকলক ওভতাই পঠোৱাৰ আগতে ম্যানমাৰত সুৰক্ষা ব্যৱস্থা তথা মানৱীয় দৃষ্টিভংগীৰ উত্তৰণ ঘটোৱাটো প্ৰয়োজনীয় বুলি জাষ্টিনে মত প্ৰকাশ কৰে।

 

Recent News

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd