ৰাজভৱনত মিলিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰা

Union Minister Ravi Sankar Prasad meet Governor B D Mishra

কেন্দ্ৰীয় যোগাযোগ আৰু তথ্য প্ৰযুক্তি আৰু আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ ড০ বি ডি মিশ্ৰা(অৱসৰপ্ৰাপ্ত)ৰ লগত শণিবাৰে ইটানগৰস্থিত ৰাজভৱনত এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকত ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচলৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰে।

মোবাইল আৰু দূৰসংযোগ, ইণ্টাৰনেট সেৱা, তথ্য প্ৰযুক্তি তথা আইন ও বিচাৰ সম্পৰ্কে বৈঠকখনত আলোচনা কৰা হয়।

জিলাসমূহৰ আন্ত:গাথনি উন্নয়ন কৰিবৰ বাবে তথা ৰাজ্যখনৰ ভিতৰুৱা জিলাসমূহৰ লোকসকলৰ আইনী সুবিধাৰ্থে দেৱানী আদালত স্থাপন কৰিবলৈ ৰাজ্যপালগৰাকীয়ে বৈঠকৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পূঁজি আৱণ্টনৰ বাবে অনুৰোধ জনায়।

ৰাজ্যপালগৰাকীয়ে বৈঠকখনত ঘাইকৈ সীমান্তৱৰ্তী অঞ্চল সমূহত মোবাইল সেৱা আৰু ইণ্টাৰনেট সংযোগ অধিক শক্তিশালী কৰিবৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

লক্ষ্যণীয় যে আধাৰ সংযোগ আৰু বিত্তীয় কাম কাজবোৰ যিহেতু ইণ্টাৰনেটৰ জৰিয়তে হয় সেয়েহে আৰ্থ-সামাজিক দিশলৈ লক্ষ্য কৰিলে মোবাইল সেৱা আৰু ইণ্টাৰনেট সংযোগ এটা গুৰুত্বপূৰ্ণ বিষয়।

উল্লেখযোগ্য যে ৰাজ্যপাল মিশ্ৰাই যোৱা কিছুদিনৰ পৰা ৰাজ্যখনৰ অন্য জিলাৰ লগতে সীমান্তৱৰ্তী অঞ্চল সমূহ পৰিদৰ্শন কৰি আছে। য’ত মোবাইল সেৱা এতিয়ালৈ ঢুকি পোৱা নাই। যাৰ ফলত সীমান্তবাসী লোকসকল তথা কৰ্তব্যৰত জোৱান সকলে বিপদৰ সময়ত সম্পৰ্ক ৰক্ষা কৰাত বিভিন্ন অসুবিধাত পৰে।

সেয়েহে উক্ত সমস্যা সমূহ সমাধানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পদক্ষেপ ল’বলৈ অনুৰোধ কৰে ৰাজ্যপালগৰাকীয়ে।

আনহাতে অপ্টিকেল ফাইবাৰ কেবল নেটৱৰ্ক আঁচনিয়ে নিৰ্দিষ্ট সময়সীমাতকৈ বহু বেছি সময় লৈছে সেয়েহে কামটোৰ গতি বঢ়াবলৈ ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

ইফালে ৰাজভৱনত অনুষ্ঠিত হোৱা আলোচনাত ৰাজ্যপাল মিশ্ৰাই কৰা সকলো অনুৰোধ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।