১৭ আগষ্টৰ পৰা ৰাজ্যত এম আৰ ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব ৷ বৰপেটাত আজি এই কথা সদৰি কৰে অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাঃ প্ৰমথেশ শৰ্মাই ৷
বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত সংবাদ মাধ্যমৰ লোকসকলৰ উপস্থিতিত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এখন সভাত বিষয়াগৰাকীয়ে এই কথা সদৰী কৰে৷ বিষয়াগৰাকীয়ে লগতে জনায় যে, দেশৰ ১৫খন ৰাজ্যত ইতিমধ্যে এম আৰ ভেকচিন প্ৰদান কৰা হৈছে৷
চতুৰ্থ পৰ্যায়ত অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত ‘মিজেলচ এণ্ড ৰুবেলা’ চমুকৈ এম আৰ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হ’ব৷ ৯ মাহৰ বয়সৰ পৰা ১৫বয়সৰ ল’ৰা-ছোৱালীক এই ভেকচিন প্ৰদান কৰা হ’ব ৷
এমাহজোৰা চলিব লগা এই ভেকচিন প্ৰদানত বৰপেটা জিলাৰ ৫ লাখ ৬৪ হাজাৰ ল’ৰা-ছোৱালীক এম আৰ ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷
সভাত অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীয়ে ল’ৰা-ছোৱালীৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এম আৰ ভেকচিন প্ৰদানত গুৰুত্ব দিবলৈ অভিভাৱকসকলক আহ্বান জনায়৷