• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰাজ্যিক বাজেট : গুৱাহাটীৰ বাবে নতুন বটলত পুৰণি মদ

ভৱেশ মেধি by ভৱেশ মেধি
March 18, 2018 5:08 pm
Budget_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰাৰ পাছত এতিয়ালৈকে  দুখনকৈ বাজেট ৰাজ্যবাসীক উপহাৰ দিছে। শেহতীয়াভাবে বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই যোৱা ১২ মাৰ্চত দখিল কৰা ২০১৮-১৯ চনৰ বাজেটখন বিধানসভাত গৃহীত হৈছে।

বাজেটখনক লৈ বিভিন্ন মহলত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী পক্ষই বাজেটখনক এখন ভাল আৰু সৰ্বাংগসুন্দৰ বাজেট বুলি প্ৰশংসা কৰাৰ বিপৰীতে বিৰোধী পক্ষই কামত নহা বাজেট বুলি অভিহিত কৰিছে। বাজেটখনত গুৱাহাটীৰ উন্নয়ণৰ বাবে কেইবাটাও আঁচনি ঘোষণা কৰাৰ লগতে বিভিন্ন আঁচনিৰ বাবে পুঁজিৰ অনুমোদন দিছে।

বাজেটত গুৱাহাটীৰ উন্নয়নৰ কি কি আছে—-

         গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান কৰাৰ বাবে বাজেটত ৫০ কোটি টকা ধাৰ্য কৰিছে।

পৰিবহণ আৰু যান-জঁটৰ সমস্যা সমাধান কৰাৰ বাবে বাজেটত ৫ কোটি টকা ধাৰ্য কৰিছে। কামাখ্যা ৰেইল ষ্টেইশ্যনৰ কামাখ্যা মন্দিৰলৈ ৰজ্জুপথৰ প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে ৩৩ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰিছে। ১.০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৰ বিস্তৃত প্ৰকল্প প্ৰতিৱেদন প্ৰস্তুতৰ কাম চলি আছে বুলি বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজেট ভাষণত উল্লেখ কৰে।

ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ কৰ্ণধাৰ সমিতিয়ে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া প্ৰকল্পৰ আনুমানিক ব্যয় ১,৮৯০ কোটি টকা ধাৰ্য্য কৰিছে। গুৱাহাটীৰ যান-জঁট লাঘৱ কৰাৰ উদ্দেশ্যে নাৰেংগী-খানাপাৰা, বশিষ্ঠ, জালুকবাৰী হৈ চাংসাৰি আৰু কুৰুৱাৰ মাজত ৰিং ৰ’ড নিমাৰ্ণাৰ প্ৰস্তাৱ লোৱা হৈছে। গুৱাহাটীৰ প্ৰদূষণ আৰু যান-জটৰ সমস্যা ৰোধ কৰাৰ বাবে আৰু দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে আন্তঃচালিত পৰিবহণৰ সহযোগত চাংসাৰি, ছয়গাওঁ আৰু সোণাপুৰত তিনিটা আধুনিক মালবাহী টাৰমিনাছ স্থাপনৰ বাবে ৫ কোটি টকা বজেটত ধাৰ্য্য কৰিছে।

Budget_1

পয়ঃপ্ৰণালী প্ৰকল্প মহানগৰীৰ অধিকাংশ এলেকাত পয়ঃ প্ৰণালী প্ৰকল্প স্থাপনৰ উদ্দেশ্যে জাইকা আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত গুৱাহাটী পয়ঃ প্ৰণালী প্ৰকল্প (মণ্ডল-ৰ) চুক্তি স্বাক্ষৰ কৰা হৈছে। ২০১৮-১৯ বিত্তীয় বৰ্ষত এই প্ৰকল্পৰ বাবে ১০ কোটি টকা ধাৰ্য কৰা হৈছে। এই প্ৰকল্পটো ২০২৫ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এইবোৰৰ উপৰি বাজেটত ফাঁচি বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিত উদ্ভিদ উদ্যান আৰু মুকলি স্থান নিৰ্মাণ কৰাৰ বাবে ৫৮.৬৩ কোটি টকা, আদাবাৰীত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ চৌহদ নিৰ্মাণ কৰাৰ বাবে ৮.৭৪ কোটি টকা আৰু হেঙেৰাবাৰীত খাদী আৰু গ্ৰামোদ্যোগ পৰিষদ চৌহদ নিৰ্মাণৰ বাবে ১৪.৮১ কোটি টকা ধাৰ্য কৰিছে।

২০১৭-১৮ চনৰ ৰাজ্যিক বাজেট ২০১৮-১৯ চনৰ ৰাজ্যিক বাজেটৰ মাজত তুলনা কৰিলে দেখা যায় যে ২০১৭-১৮ চনৰ ৰাজ্যিক বাজেটৰ বহু আঁচনি এতিয়াও অসম্পূৰ্ণ হৈ আছে।

কিছু ঘোষিত আঁচনি ফাইলতে আবদ্ধ হৈ আছে। ৰাজ্যিক ৰাজধানী উন্নয়ন প্ৰাধিকৰণ গঠন কৰাৰ প্ৰস্তাৱ যোৱা বছৰৰ বাজেটত ঘোষণা কৰা হৈছিল যদিও এই প্ৰস্তাৱ এতিয়াও ফাইলতে আবদ্ধ হৈ আছে। ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী আৰু পলাশবাৰী সংযোগী দলং নিৰ্মাণৰ প্ৰস্তাৱ যোৱা বছৰ বাজেটতে লোৱা হৈছিল। ইয়াৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কাম কিছু পৰিমাণে আগ বাঢ়িলেও ব্ৰহ্মপুত্ৰৰ ওপৰেৰে শুৱালকুছি আৰু পলাশবাৰী সংযোগী দলং নিৰ্মাণৰ কামৰ কোনো অগ্ৰগতি হোৱা নাই। যাৰ বাবে বাজেট ভাষণত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সংযোগী দলং নিৰ্মাণৰ কামৰ বিষয়ে বিশেষ কোনো কথা উল্লেখ নকৰিলে।

যোৱা বছৰৰ বাজেটত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰজ্জুপথ নিৰ্মাণৰ কাম ২০১৭ চনৰ জুলাইত সম্পূৰ্ণ কৰাৰ ঘোষণা কৰা হৈছিল যদিও কাম আধৰুৱা হৈ থাকিল। এইবাৰ আকৌ  বাজেট ভাষণত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ৰজ্জুপথ নিৰ্মাণৰ কাম অহা বছৰ মাৰ্চত সম্পূৰ্ণ কৰা সময় নিৰ্ধাৰণ কৰি দিছে। যোৱা বছৰৰ বাজেটত ঘোষণা কৰা অনুযায়ী ৰাজ্য চৰকাৰে গুৱাহাটী পানী যোগান ধৰাৰ বাবে কাম কৰি থকা জে এন ইউ আৰ আৰ এমৰ অধীনৰ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পটো যোৱা বছৰ জুলাইত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছিল যদিও সময়ত সম্পূৰ্ণ কৰিব নোৱাৰিলে। এতিয়া এইবাৰ এই প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। যোৱা বছৰৰ বাজেটত ঘোষণা কৰা অনুযায়ী গুৱাহাটীৰ আৰ জি বৰুৱা ৰ’ডত আৰু গণেশগুৰিত যান-জঁট নিয়ন্ত্ৰণ কৰাৰ বাবে জু ৰোডৰ পৰা গণেশগুৰিৰ উৰণসেতুক সংলগ্ন কৰি গণেশ মন্দিৰলৈ এখন উৰণসেতু নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। কিন্তু এই প্ৰস্তাৱ এতিয়াও ফাইলতে আবদ্ধ হৈ আছে।

Budget_3

ঠিক সেইদৰে কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ কাম দুবছৰ পিছত আৰু কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ কাম চাৰি বছৰ পিছত সম্পূৰ্ণ হ’ব বুলি বাজেটত সদৰী কৰিছে। ইপিনে লাচিত নগৰ, মালিগাওঁ, ভৰলুমুখত আৰু সচিবালয়ৰ সম্মুখত থকা পদদলং চাৰিখন লিফ্‌টযুক্তকৈ নিৰ্মাণ কৰাৰ বাবে ৪ কোটি টকা ধাৰ্য কৰিছিল। এই কাম চলিত বৰ্ষৰ এপ্ৰিলত শেষ কৰাৰ সময় নিৰ্ধাৰণ কৰিছিল। কিন্তু লাচিত নগৰ, মালিগাওঁ, ভৰলুমুখত আৰু সচিবালয়ৰ সম্মুখত থকা পদদলং চাৰিখনৰ ভিতৰত বৰ্তমান মালিগাও পদদলংখন লিফ্‌টযুক্তকৈ নিৰ্মাণ কৰাৰ কাম চলি আছে।

বাকী পদদলং কেইখনৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। পাৰ্কিঙৰ ক্ষেত্ৰত যোৱাবাৰ বাজেটত শ্ৰদ্ধাঞ্জলি কাননত আৰু পাণ বজাৰৰ ওচৰত নিৰ্মাণ কৰি থকা স্বয়ংক্ৰিয় মাল্টিলেভেল পাৰ্কিং স্থান দুটা যোৱা বছৰতে মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছিল। ইয়াৰে শ্ৰদ্ধাঞ্জলি কাননৰ স্বয়ংক্ৰিয় মাল্টিলেভেল পাৰ্কিং স্থান মুকলি হ’ল যদিও পাণবজাৰৰ ওচৰত নিৰ্মাণ কৰি থকা স্বয়ংক্ৰিয় মাল্টিলেভেল পাৰ্কিং স্থানটোৰ কাম এতিয়াও আধৰুৱা হৈ আছে, সম্পূৰ্ণ হোৱা দূ্ৰৈৰ কথা।

যোৱা বাজেটত ঘোষণা কৰা গুৱাহাটী নগৰ উন্নয়ন বিভাগ গঠনৰ প্ৰস্তাৱ এতিয়াও ফাইলতে আবদ্ধ হৈ আছে। আকৌ যোৱা বাজেটত ঘোষণা কৰা ফাঁচি বজাৰৰ পুৰণি কাৰাগাৰত উদ্ভিদ উদ্যান আৰু গুৱাহাটী স্মাৰ্টচিটী প্ৰকল্পৰ কামৰ কোনো ধৰণৰ লেখত ল’বলীয়া অগ্ৰগতি হোৱা নাই। গুৱাহাটীৰ বানপানী ৰোধ কৰাৰ বাবে এইবেলি বাজেটত বিশেষ কোনো অভিলাষী আঁচনি তথা দীৰ্ঘম্যাদী প্ৰকল্প গ্ৰহণ কৰা দেখা নগ’ল। মাথোঁ বানপানী ৰোধ কৰাৰ বাবে সচৰাসচৰ গ্ৰহণ কৰি অহা নলা চাফা আৰু নলা নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ পেকেজ বাজেটত আলোচনা কৰা দেখা গ’ল। আকৌ যোৱাবাৰৰ বাজেটত পাণ বজাৰ আৰু গণেশগুৰিত ক্ৰমে দুটা বহুমহলীয়া পাৰ্কিং স্থান নিৰ্মাণ কৰা প্ৰস্তাৱ লোৱা হৈছিল যদিও এই কামৰ কোনো অগ্ৰগতি হোৱা নাই। উল্লেখ্য যে এইবাৰ বাজেটত আলোচনা কৰা বেছি ভাগ আঁচনি আৰু প্ৰকল্প যোৱা বছৰৰ বাজেটত আলোচনা কৰা তথা ধাৰ্য কৰা। এইবাৰ মাত্ৰ পয়ঃ প্ৰণালী, কামাখ্যা ৰেইল ষ্টেইশ্যন আৰু কামাখ্যা মন্দিৰ সংযোগী ৰজ্জুপথ নিৰ্মাণৰ আঁচনি, তিনি ঠাইত মালবাহী টাৰ্মিনাছ নিৰ্মাণ আদি আঁচনি আৰু প্ৰকল্প কেইটামানহে নতুনকৈ বাজেটত ঘোষণা কৰা হৈছে।

লেখক গুৱাহাটীস্থিত এজন সাংবাদিক।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd