• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ প্ৰকৃত ছবিক আওকাণ কৰি খানাপাৰাত দল আৰু চৰকাৰৰ গুণানুকীৰ্তনত ব্যস্ত হ’ল বিজেপিৰ নেতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2018 7:12 pm
BJP_Booth_President
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰকৃত ছবিৰ পৰিৱৰ্তে দল আৰু চৰকাৰৰ মিছা প্ৰশংসাৰে উপচি পৰিল খানাপাৰাত আজি আয়োজিত অসম বিজেপিৰ বুথ সভাপতি সকলৰ সন্মিলন। ৰাজ্যত শেহতীয়াকৈ কেইবাটাও ধৰ্ষণৰ ঘটনাই সকলোৰে মনস্তত্ত্বক জোকাৰি যোৱাৰ সময়তে, তথা অন্যান্য সমস্যাই ৰাজ্যবাসীক জুৰুলা কৰি থকাৰ সময়তে দৃষ্টিকটুভাৱে সকলো ব্যস্ত হ’ল চৰকাৰৰ গুণ-গান কৰাত।

আজিৰ সভাত উপস্থিত থকা প্ৰায়সকল নেতাকে দেখা গ’ল এই গুণানুকীৰ্তনত। ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে নিজৰ বক্তব্যত কয়, ‘পূৰ্বতে নিৰ্বাচনী জনসভা অনুষ্ঠিত কৰিবলৈ খানাপাৰা পশু চিকিৎসালয় খেলপথাৰখন ল’বৰ বাবে বিজেপিক বাদ কৰি অন্য কোনো ৰাজনৈতিক দল সমৰ্থ হোৱা নাছিল। কিন্তু আজিৰ এই অনুষ্ঠান কোনো দলীয় নিৰ্বাচনী প্ৰচাৰৰ সভা নহয়, তথাপি এই সভাত ৩০-৪০ হাজাৰ জনতা দেখি আমি বিস্ময় মানিছো। ইয়াৰ পৰা এটা কথাই প্ৰমাণিত হয় যে ভাৰতীয় জনতা পাৰ্টীয়ে দেশর সমগ্ৰ অঞ্চলতে এক ব্যাপক ৰূপ লৈছে।’

সভাত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনীৰ প্ৰসংগ টানি আনি কয় ৰাম মাধৱে আৰু কয়, ‘ ব্লুম্বাৰ নামৰ আলোচনীখনত প্ৰকাশ পোৱা এটি প্ৰবন্ধত উল্লেখ আছে যে ২০১৯ চনতো পাৰ হ’বই, ২০২৪ চনলৈকে মোদী নেতৃত্বাধীন বিজেপিয়ে শাসনভাৰ অনায়াসে চলাই নিব।‘ আনহাতে, তেওঁ দেশৰ ২১ খন ৰাজ্যতে বিজেপিৰ শাসন চলি থকা বুলি মন্তব্য কৰে।

ইয়াৰোপৰি তেওঁ অভিনেতা অমিতাভ বচ্চনে অভিনয় কৰা এখন চলচ্চিত্ৰৰ উদ্ধৃতি দি কয়, ‘ সেই চলচ্চিত্ৰখনত হিৰ’ অমিতাভ বচ্চনক ভিলেইনজনে কৈছিল যে মোৰ পিছত ধন-সম্পত্তি, ক্ষমতা সকলো আছে কিন্তু তোমাৰ হাতত কি আছে? তাৰ উত্তৰত অমিতাভ বচ্চনে কৈছিল, তোমাৰ পাছত সকলো থাকিলেও লাভ নাই, মোৰ সৈতে মোৰ মা আছে। ঠিক তেনেকৈয়ে আমাৰ সৈতে ভাৰত মাতা আছে আৰু মোদীজী আছে। বেলেগ ৰাজনৈতিক দলৰ প্ৰচুৰ পৰিমাণৰ ধন-সম্পত্তি থাকিলেও লাভ নাই, কাৰণ বিজেপিৰ হাতত বহুখিনি কাৰ্য্যকৰ্তাৰ কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে।‘

আনহাতে, সাধাৰণ সম্পাদকগৰাকীয়ে আৰ এছ এছৰ ভাষাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক দেৱ দুৰ্লভ কাৰ্য্যকৰ্তা বুলি অভিহিত কৰে।

ইয়াৰোপৰি তেওঁ ভাষণৰ শেষৰ ফালে চৰকাৰে হাতত লোৱা আঁচনিসমূহ গাঁৱলীয়া অঞ্চলৰ লোকসকলে লাভ কৰিব পাৰিছেনে নাই সেই কথাত দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনায়।

উক্ত বুথ সন্মিলনতে অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰামলালে ভাষণ প্ৰদান কৰি কয়, ‘মই অসমৰ বুথ কাৰ্য্যকৰ্তাসকলক ধন্যবাদ জনাব বিচাৰো। কাৰণ তেওঁলোকে অতি কম সময়ৰ ভিতৰত অশেষ কষ্ট স্বীকাৰ কৰি নতুনকৈ বুথসমূহ নিৰ্মাণ কৰিছে। অসমৰ বিজেপিৰ দ্ৰুতগতিত উত্থান হোৱাৰ ফলত এতিয়া অন্য ৰাজ্যৰ বিজেপিৰ লোকসকলে তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ অসমৰ পৰা আৰ্হি লৈছে।‘

তদুপৰি তেওঁ বুথৰ সভাপতিসকলক আহ্বান জনাই কয় ‘বুথ জিতা তৌ সুনাব জিতা। যদি বুথত জয় লাভ কৰিব বিচাৰে তেন্তে প্ৰথমে প্ৰত্যেকে নিজৰ নিজৰ বুথসমূহ শক্তিশালী ৰূপত গঢ় দিব লাগিব।

আনহাতে, তেওঁ প্ৰধান মন্ত্ৰীৰ মন কি বাত অনুষ্ঠানটো শুনিবৰ বাবে প্ৰত্যেক বুথৰে লোকসকলক আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।

উক্ত সভাত উপস্থিত থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি কয়, ‘মই বিশ্বাস ৰাখিছো ৰাজ্যৰ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাই আগন্তুক দিনত অসমৰ ৩ কোটি ৩০ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হ’ব। পূৰ্বৰ নিৰ্বাচনসমূহত ৰ’দ-বতাহ বৰষুণকো নেওচি আপোনাসবে প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল তাৰ বাবে মই আপোনাসবক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’

লগতে তেওঁ কয় ‘পঞ্চায়তীৰাজ ব্যৱস্থা স্বচ্ছ হ’লেহে গ্ৰাম্য অঞ্চলৰ অৰ্থনীতি শক্তিশালী হ’ব। বিগত কংগ্ৰেছ চৰকাৰখনে পঞ্চায়তীৰাজ ব্যৱস্থাত সম্পূৰ্ণৰূপে কালিমা সানিলে। তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰে গাঁৱলীয়া লোকসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে।

আনহাতে, মুখ্য মন্ত্ৰীগৰাকীক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দিয়া দুৰ্নীতিমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম, বিদেশী মুক্ত অসম, প্ৰদূষণমুক্ত অসম , এই চাৰিওটা মূল মন্ত্ৰৰ কথা দোহৰা দেখিবলৈ পোৱা গ’ল।

উল্লেখনীয় অসমতে সঘনে হ’বলৈ ধৰা ধৰ্ষণ, নাৰী নিৰ্যাতন, হত্যা, ডকাইতিৰ ঘটনাবোৰক আওকাণ কৰি তথা মূল্যবৃদ্ধিত সৰ্বসাধাৰণ লোকসকল জুৰুলা হোৱাৰ বিপৰীতে ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে দাম্ভিকতাৰে কয়, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ ৪টা বছৰৰ ভিতৰত দেশৰ চৌদিশে শান্তিয়ে বিৰাজ কৰিছে। কোনো অঞ্চলতে বোমা বিস্ফোৰণ বৰ্তমানলৈকে হোৱা নাই। কোনো সন্ত্ৰাসবাদীয়ে সন্ত্ৰাস সৃষ্টি কৰা নাই। পূৰ্বৰ তুলনাত মূল্যবৃদ্ধি ৰোধ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰখনে যিধৰণে গুৰুত্ব দিছে অন্য কোনো চৰকাৰে গুৰুত্ব দিয়াৰ কথা ইতিহাসতে উল্লেখ নাই।’

সেই সভাখনত সভাপতিৰ দ্বায়িত্বত থকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পূৰ্বৰ বক্তাসকলৰ সৈতে সুৰ মিলাই একেখিনি কথাকে দোহাৰে।

লক্ষণীয়ভাৱে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গ, ৰাজ্যিক নেতৃবৰ্গৰ বক্তৃতাত অসমৰ বৰ্তমান পৰিস্থিতিৰ জ্বলন্ত সমস্যাবোৰ তথা ৰাজ্যজুৰি নাবালিকা, কিশোৰী ধৰ্ষণৰ শেহতীয়া ঘটনাবোৰ, নাৰী নিৰ্য্যাতনৰ প্ৰসংগ আদিয়ে স্থান নাপালে। তাৰ পৰিৱৰ্তে প্ৰত্যেকগৰাকী বক্তাক দেখা গ’ল চৰকাৰ আৰু দলৰ গুণানুকীৰ্তন কৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd