ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিলে ঐতিহাসিক হর্নবিল উৎসৱ :

 

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি দেশৰ ৰাষ্ট্ৰপতিয়ে শুভাৰম্ভণি কৰিলে ঐতিহাসিক হৰ্নবিল উৎসৱ। আজিৰ পৰা ১০ ডিচেম্বৰলৈকে চলিব লগীয়া এই মহোৎসৱৰ উদ্বোধক ৰাষ্ট্ৰপতি দাঙৰীয়াক সংগ দিয়ে ৰাজ্যৰ ৰাজ্যপাল পি.বি. আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী টি.আৰ.জেলিয়াঙে ।ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহতকৈ উত্তৰ পূবৰ ৰাজ্য কেইখন কৃষ্টি সংস্কৃতি তথা প্ৰাকৃতিক সৌন্দর্যৰে চহকী। ইয়াৰ এক নিদর্শন নাগালেণ্ড। কৃষ্টি-সংষ্কৃতি তথা পৰম্পৰাগতভাৱে হর্নবিল উৎসৱ পালন কৰি আহিছে নাগালেণ্ডৰ লগতে উত্তৰ-পূব বাসীয়ে। শীতৰ আগমনৰ লগে লগে আৰম্ভ হয় একতা, ভাতৃত্ববোধ আৰু মৰম-চেনেহৰ উৎসৱ হর্নবিল। নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা ১২ কি. মি. দূৰত্বত কিছামাৰ এখন গাঁৱত এই উৎসৱ পালন কৰা হয়। নাগালেণ্ড চৰকাৰৰ ৰাজ্যিক পর্যটন আৰু সাংস্কৃতিক মন্ত্ৰ্যালয়ে হর্নবিল উৎসৱৰ আয়োজন কৰি আহিছে। হৰ্নবিল উৎসৱৰ মূল উদ্দেশ্য হৈছে নাগালেণ্ডৰ পৰম্পৰাগত উৎসৱ কৃষ্টি, সংস্কৃতি সমূহ সুৰক্ষা কৰা। হর্নবিল উৎসৱৰ সময়ত নাগালেণ্ড ভৰি পৰে দেশ-বিদেশৰ বিভিন্ন পর্যটকেৰে। হর্নবিল উৎসৱতে নাগালেণ্ডৰ বিভিন্ন খাদ্য সম্ভাৰৰ সোৱাদ ল’বলৈ পায় পর্যটক সকলে। হর্নবিল উৎসৱৰ জৰিয়তে নাগালেণ্ড তথা উত্তৰ পূবৰ পর্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে । এই হর্নবিল উৎসৱ নাগালেণ্ড তথা উত্তৰ-পূবক বান্ধিছে একতাৰ এনাজৰীৰে। লগতে আশাৰ সঞ্চাৰ কৰিছে অর্থনৈতিকভাৱে।