ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভুৱা নথি দাখিলৰ সম্পৰ্কত ৰুজু হৈছে বৃহৎ সংখ্যক গোচৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত ভুৱা এন আৰ চি নথি দাখিলৰ বৃহৎ সংখ্যক গোচৰ পৰি থকাৰ এক তথ্য পোহৰলৈ আহিছে। দৰং জিলাৰ এনআৰচি কৰ্তৃপক্ষই দাখিল কৰা এনেধৰণৰ কেইবা শ গোচৰ জিলাখনৰ বিভিন্ন থানাত ৰুজু হৈ থকাৰ উপৰি জিলাখনৰ বাহিৰৰ কিছুমান থানাতো পৰি আছে।

জিলা এনআৰচি কৰ্তৃপক্ষই ইতিমধ্যে মুঠ ১৩২৬ টা জালিয়াতিৰ ঘটনাৰ অভিযোগ আৰক্ষী থানাত দাখিল কৰিছে। ‘’এতিয়া আমি এনআৰচিৰ আবেদনৰ লগত গাঁঠি দিয়া লিগেচি নথি পৰীক্ষা কৰি আমাৰ সন্দেহ হোৱা ১৩২৬ ঘটনাৰ বিষয়ে এজাহাৰ দাখিল কৰিছো। আমাৰ সন্দেহ হোৱাৰ পিছত তাৎক্ষণিকভাৱে আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত মিলাই চাই সন্দেহ সত্য প্ৰমাণিত হোৱাৰ পিছত আইনী ব্যৱস্থা গ্ৰহণ কৰিছো,’’- দৰঙৰ অতিৰিক্ত উপায়ুক্ত তথা এনআৰচিৰ জিলা সমন্বয়ৰক্ষী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতীয়ে এইদৰে কয়।

‘’ভুৱা নথিসমূহৰ বেছিভাগেই হৈছে জন্মৰ প্ৰমাণ পত্ৰৰ লগতে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ প্ৰমাণ পত্ৰ, পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড তথা নিৰ্বাচনী ফটো পৰিটয় পত্ৰ,’’-ভাগৱতীয়ে জনায়।

চৰকাৰী তথ্য মতে মাৰ্চ মাহলৈকে জিলা এনআৰচি কৰ্তৃপক্ষই মুঠ ৪২৪ টা এনেধৰণৰ অভিযোগ আৰক্ষীক দিছে। মঙলদৈ আৰক্ষী থানাত সৰ্বাধিক ১৫৩ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে দলগাওঁত ৭৯ টা, ধুলাত ৬৮ টা, চিপাঝাৰত ৬০টা আৰু খাৰুপেটীয়াত ৪৯ টা গোচৰ ৰুজু হৈছে।

২০১৬ চনৰ ২০ এপ্ৰিলৰ দিনাখনেই দলগাঁও আৰক্ষী থানাত সৰ্বাধিক ৫০ টা গোচৰ একেলগে ৰুজু কৰা হৈছিল। একেদৰে ২০১৭ ৰ ২৪ জানুৱাৰীত ভুৱা এনআৰচি নথি সম্পৰ্কত মঙলদৈ থানাত একেলগে ৩৯ খন এজাহাৰ দাখিল কৰা হৈছিল। ২০১৭ ৰ ফেব্ৰুৱাৰীৰ ১৮ আৰু মাৰ্চৰ ১৫ তাৰিখে মঙলদৈ থানাত ক্ৰমে ২২টা আৰু ১৮ টা গোচৰ ৰুজু কৰা হৈছিল। দৰঙৰ এই আৰক্ষী থানাসমূহৰ বাহিৰেও জিলাখনৰ বাহিৰৰ মাজবাট, কলাইগাওঁ, তেজপুৰ আদি আৰক্ষী থানাতো বহু গোচৰ ইতিমধ্যে ৰুজু হৈ আছে।

জানিব পৰা মতে এই অভিযোগসমূহৰ ভিত্তিত আৰক্ষীয়ে ২০ টা গোচৰৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আশা স্বাস্থ্য কৰ্মী, গাওঁবুঢ়াকে ধৰি ২২ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এনেধৰণৰ আৰু অধিক ঘটনা পোহৰলৈ আহিছে। উক্ত তথ্যৰ পৰা এইকথা সহজেই অনুমান কৰিব পাৰি যে ৰাজ্যখনৰ বিভিন্ন থানাত ৰুজু হোৱা এনে গোচৰৰ সংখ্যা যে বৃহৎ পৰিসংখ্যাৰ হ’ব তাত সন্দেহ নাই।