ৰিঅ’ অলিম্পিকৰ ব্যৰ্থতাৰ পিছতে খেলা সামৰাৰ কথা ভাবিছিল চানুৱে

অলপতে আমেৰিকাত বিশ্ব ভাৰোত্তোলনত ৪৮ কেজিৰ শাখাত স্বৰ্ণ পদক লাভ কৰা মণিপুৰৰ স্বৰ্ণকন্যা মীৰাবাই চানুৱে কালি দিল্লীত সংবাদমাধ্যমৰ সৈতে হোৱা মুখামুখিৰ সময়ত কয় যে ৰিঅ’ অলিম্পিকত পদক জিকিব নোৱৰা বাবে সন্মুখীন হোৱা সমালোচনাৰ বাবে তেওঁ খেল এৰি দিয়াৰ কথাই ভাবিছিল। ‘হাতাশা জয় কৰিবলৈ মোক ভালেমান সময়ৰ দৰকাৰ হৈছিল। আনকি মই খেল এৰি দিয়াৰ কথাই ভাবিছিলো। ট্ৰেইনিং কৰাৰ পৰা বিৰত আছিলো।’ চানুৱে কয়। সেই দিনবোৰৰ কথা সুঁৱৰি ভাৰতৰ যুৱ খেলুৱৈগৰাকীয়ে আৰু কয়,  ‘ছচিয়েল মিডিয়াত প্ৰচাৰিত মন্তব্য আৰু মোৰ প্ৰশিক্ষকক কৰা সমাচোলনাই মোক সঁচাকৈয়ে হতাশ কৰিছিল।’ উল্লেখযোগ্য যে কৰ্নম মালেশ্বৰীৰ পিছত চানুৱেই দ্বিতীয়গৰাকী ভাৰতীয়, যি বিশ্ব ভাৰোত্তোলন প্ৰতিযোগিতাত সোণৰ পদক পাইছে। তেওঁ কেৱল স্বৰ্ণ জয় কৰাই নহয়, প্ৰতিযোগিতাখনত নিজৰ শাখাত বিশ্ব অভিলেখো সৃষ্টি কৰে। তেওঁ ডপিং সম্পৰ্কতো নিজৰ মত ব্যক্ত কৰে। বিশ্ব প্ৰতিযোগিতাখনত হোৱা অভিজ্ঞতাৰ কথা সুঁৱৰি তেওঁ কয়, ‘লাছ ভেগাছত উপস্থিত হোৱাৰ লগে লগে মোৰ তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰা হৈছিল, পিছত আকৌ খেলৰ মাজতে এইবোৰৰ নমুনা লোৱা হৈছিল। এই সন্দৰ্ভত ভাৰতীয় ভাৰোত্তলন সংস্থাৰ সভাপতি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কৈছিল যে যিসময়ত চীন, তুৰস্ক, বুলগেৰিয়া, কাজাখাস্তান আদিৰ দৰে শীৰ্ষস্থানীয় দেশ ডপিঙৰ বাবে নিষিদ্ধ হৈছে তেনেস্থলত আমাৰ চানুৱে দেখুৱাই দিলে কেনেকৈ ভাৰতে ডপিংমুক্ত ভাৰোত্তোলনক বিশ্বৰ আগত দাঙি ধৰিছে।