অখিল গগৈক পুনৰ কাৰাবদ্ধ কৰাৰ আবেদন নাকচ ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা মুক্তি লাভ কৰা অখিল গগৈক যেন ৰাজ্য চৰকাৰ তথা প্ৰশাসনে মুকলি আকাশৰ তলত অহাটো বিচৰা নাই। বুধবাৰে নেতা গৰাকীক আন এক গোচৰত গ্ৰেপ্তাৰ কৰাৰ বাবে দুধনৈ আৰক্ষীয়ে ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আবেদন কৰা কাৰ্যই তাকে প্ৰমাণ কৰিছে। অৱশ্যে ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশে অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে দুধনৈ আৰক্ষীয়ে জনোৱা উক্ত আবেদনক নাকচ কৰে। প্ৰাপ্ত তথ্য মতে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী চকীৰ পৰিদৰ্শক চপন কুমাৰ ৰয়ে দাখিল কৰা উক্ত আবেদনক ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ইমদাদ আহমেদে নাকচ কৰে। অখিল গগৈৰ অধিবক্তা অনুজ ছেত্ৰীয়ে কয় ‘দুধনৈত কৰা এক প্ৰতিবাদৰ সময়ত অখিল গগৈৰ ওপৰত দুধনৈ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে পি ডি পি এ আইনৰ ১৪৩/১৪৭/৪৩৭/১২০(বি) ধাৰৰ অন্তৰ্গত ৰুজু কৰা ১১২/১৭ নম্বৰ উক্ত গোচটোৰ সম্পৰ্কে অখিল গগৈ মুঠেই জ্ঞাত নাছিল।’ লক্ষণীয় যে বিজেপি চৰকাৰৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা কৃষক মুক্তিৰ নেতাজনক ৰাজ্য চৰকাৰ তথা প্ৰশাসনে উপৰ্যুপৰি গোচৰ আৰোপ কৰি আবদ্ধ কৰি ৰাখিব খোজাটোৱে প্ৰশাসন যে নেতাজনৰ প্ৰতি বাৰুকৈয়ে ভীত্তিগ্ৰস্ত তাকে প্ৰমাণ কৰে।