• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপ-বিজেপিৰ মিত্ৰতা : কিয় অব্যাহত আছে মিত্ৰতা?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
April 8, 2018 2:36 pm
AGP_Mahanta
1.1k
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক অসমৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতা অব্যাহত থকাক লৈ সৰৱ আলোচনা হৈছে। বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰ পৰাই অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশত সংঘটিত কেতবোৰ কাৰ্যাৱলীয়ে স্বাভাৱিকতেই সমাজ জীৱনত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে বিপুল জনাদেশেৰে চৰকাৰ গঠন কৰি মূলত গেৰুৱা বাহিনীৰ নীতি-আদৰ্শৰ ভিত্তিত আগবাঢ়িছে। এই কথাত বিন্দুমাত্ৰও আপত্তি থাকিব নোৱাৰে। কাৰণ বিজেপিয়ে নিজৰ নীতি-আদৰ্শ মতেই চৰকাৰ পৰিচালনা কৰিব। কিন্তু প্ৰশ্ন আহি পৰিছে- মিত্ৰদল অসম গণ পৰিষদৰ স্থিতিক লৈ। ৰাজ্যৰ বৌদ্ধিক মহলত অসম গণ পৰিষদ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে।

কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰৰ অসমৰ স্বাৰ্থৰ পৰিপন্থী পদক্ষেপত অসম গণ পৰিষদ এক প্ৰকাৰ মৌন হৈ থকাৰ নিচিনা। কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি মাজে-সময়ে অগপ নেতৃত্বই অসমৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ কথা কৈ আহিছে। বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ছবিখন প্ৰকৃততে কি? কিহৰ কাৰণে অসম গণ পৰিষদ আৰু বিজেপিয়ে মতাদৰ্শগত সংঘাত হোৱাৰ সত্ত্বেও একেলগে থাকিব বিচাৰে? সেয়া অতি গুৰুত্বপূৰ্ণ।

স্বাভাৱিকতে দুয়োটা দলৰ বাবে পৰস্পৰৰ প্ৰয়োজন আছে। বিজেপিৰ বাবে অসমত চৰকাৰ গঠন কৰা আজিৰ পৰা কেইবছৰ মান পূৰ্বে এক সপোন আছিল। কিন্তু সেই সপোন বাস্তৱত ৰূপায়ণ কৰিলে দলটোৰ নেতৃত্বৰ বিচক্ষণতাই। অসমৰ জনগাঁথনিগত দিশৰ পৰা বিজেপি কেতিয়াও সুবিধাজনক নাছিল বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলত থকা ধাৰণাক নস্যাৎ কৰি ধৰ্মীয় সংখ্যালঘু বাদ দি আন জনগোষ্ঠীসমূহৰ মাজত সমৰ্থনৰ ভেটি গঢ়িবলৈ সক্ষম হ’ল।

অসমৰ তথাকথিত মূল সুঁতিৰ জনসাধাৰণৰ মাজত কংগ্ৰেছৰ প্ৰতি ক্ৰমান্বয়ে শক্তিশালী হৈ অহা মোহভংগৰ সুযোগ ল’লে গেৰুৱা দলটোৱে। একেদৰে আন খিলঞ্জীয়া নৃগোষ্ঠীসমূহৰ আশা-আকাংক্ষাক সমৰ্থন জনাই দলৰ ভেটি শক্তিশালী কৰিলে। কিন্তু তৎসত্ত্বেও দলটোৰ গ্ৰহণযোগ্যতাৰ বাবে অগপৰ প্ৰয়োজনীয়তা আছে। কাৰণ অসমৰ ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিক, বহুত্ববাদী সমাজত অগপৰ সংগই বিজেপিৰ ভাবমূৰ্তিত প্ৰভাৱ পেলায়। খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি ধাৰণা জন্মাব পাৰে ৰাইজৰ মাজত।

আৰু শেহতীয়াকৈ দেশজুৰি আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ সময়ত অগপক লগত ৰাখিব পৰাটো বিজেপিৰ বাবে অতি দৰকাৰ। সেই বাবেই গুৱাহাটীলৈ আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ক’বলগীয়া হ’ল যে- অগপৰ সৈতে তেওঁলোকৰ মিত্ৰতা অব্যাহত থাকিব। অমিত শ্বাহৰ এই মন্তব্য বিশেষ তাৎপৰ্য্যপূৰ্ণ।

অমিত শ্বাহৰ এই মন্তব্যৰ পিছতেই অগপৰ সভাপতি অতুল বৰাই ৰাজহুৱাভাৱে ক’লে যে- বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ এই মন্তব্য তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে। ৫ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত অগপৰ বুথ পৰ্যায়ৰ বিষয়ববীয়া সন্মিলনত দলৰ নীতি-আদৰ্শ অক্ষুণ্ণ ৰাখিব বুলি ঘোষণা কৰাৰ লগতে অসমৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰিলে চৰকাৰৰ পৰা ওলাই আহিব বুলি হুংকাৰ দিছে।

কিন্তু বাস্তৱত এই কথা সম্ভৱ হ’বনে? কাৰণ অগপৰ বাবে বিজেপিৰ কাষৰ পৰা আঁতৰি অহা সহজ নহয়। অসমত অগপৰ পৰম্পৰাগত সমৰ্থন ভেটি বিজেপিয়ে গ্ৰাস কৰিলে। আৰু প্ৰকৃততে অগপ আৰু বিজেপিৰ সমৰ্থন ভেটি একেখিনি মানুহেই। ইয়াত বিভাজন হ’লে লাভ হয় কংগ্ৰেছৰ। সেই কথা দল দুটাৰ নেতৃত্বই ভালদৰেই উপলব্ধি কৰে।

অগপ নেতৃত্বই শেহতীয়াকৈ কোনবোৰ অঞ্চলত অধিক মনোনিৱেশ কৰিছে তাক ভালদৰে লক্ষ্য কৰিব লগীয়া। সততে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসমৰ সোণোৱাল চৰকাৰক সমালোচনা কৰি থকা প্ৰফুল্ল কুমাৰ মহন্তই কৌশলেৰে মধ্য অসম আৰু নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত সভা-সমিতি কৰি অগপৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাত লাগিছে।

এই কথা সকলোৱে স্বীকাৰ কৰিব যে- অসমৰ সংখ্যালঘু জনসাধাৰণৰ মাজত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিশেষ গ্ৰহণযোগ্যতা আছে। আৰু তাৰ ভেটিতেই অগপই দৰং, বৰপেটা, কামৰূপ গ্ৰাম্য, গোৱালপাৰা, ধুবুৰীত ৰাজনৈতিক কুচকাৱাজ জোৰদাৰ কৰি তুলিছে। বহু সংখ্যক সংখ্যালঘু লোকে শেহতীয়াকৈ অগপত যোগদান কৰিছে। সংখ্যালঘু লোক অগপলৈ আকৰ্ষিত হোৱাৰ ফলত কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব কংগ্ৰেছ। আৰু বিজেপিয়েও অগপৰ এই তৎ‍পৰতাত সন্তোষ পাইছে।

কাৰণ সেই অঞ্চলসমূহত বিজেপিয়ে বিশেষ একো কৰিব নোৱাৰে। মিত্ৰদল অগপই শক্তি সঞ্চয় কৰিলে তেওঁলোকৰেই লাভ। কাৰণ দুৰ্বল হ’ব কংগ্ৰেছ। অগপই কেতিয়াও বিজেপিৰ সাংগঠনিক ক্ষতি হ’ব পৰা অঞ্চলত তৎপৰতা দেখুওৱা নাই। আনকি প্ৰফুল্ল মহন্তয়ো এই ক্ষেত্ৰত সক্ৰিয়তা দেখুওৱা পৰিলক্ষিত হোৱা নাই। অগপৰ ধৰ্ম নিৰপেক্ষ, জাতীয়তাবাদী চৰিত্ৰ বিজেপিৰ বাবে হৈ পৰিছে এক অলংকাৰ।

তাৰোপৰি সাম্প্ৰতিক ৰাজনীতিত চৰকাৰৰ পৰা ওলাই আহি অগপই কেতিয়াও শক্তিশালী ৰূপ ল’ব নোৱাৰে। অসমৰ পৰিস্থিতিত অগপই সেইদৰে আগবাঢ়িব পৰাৰ সম্ভাৱনা নাই। কাৰণ অগপই যিবোৰ বিষয় লৈ জনসাধাৰণৰ ওচৰলৈ যাব লাগিব, সেই একেইবোৰ বিষয় ইতিমধ্যে কংগ্ৰেছে উত্থাপন কৰিছে।

আমি মনত ৰাখিব লাগিব যে- তৰুণ গগৈৰ নেতৃত্বত আজিৰ পৰা ১৬-১৭ বছৰ পূৰ্বে কংগ্ৰেছে অসমৰ জাতীয়তাবাদক ভালদৰে ৰাজনৈতিক অৰ্থত গ্ৰহণ কৰিব পাৰিলে। আৰু এতিয়া বিৰোধীত থাকি আকৌ সেই ভাবধাৰাকে দাঙি ধৰিছে। এই ক্ষেত্ৰত ৰাজনৈতিক বলত অগপ কেতিয়াও কংগ্ৰেছৰ সমকক্ষ হ’ব নোৱাৰে। কাৰণ কংগ্ৰেছৰ গণভিত্তি এতিয়াও ৰাজ্যখনৰ সকলো জনগোষ্ঠীৰ মাজতে আছে। সেইবাবে চৰকাৰৰ পৰা ওলাই আহো বুলিয়েই ওলাই আহিব নোৱাৰে অগপ। সুদীৰ্ঘ ১৫ বছৰ ক্ষমতাৰ পৰা আঁতৰি থকা দলটোৱে ক্ষমতালৈ আহিহে সংগঠন শক্তিশালী কৰিব পাৰিছে। কাৰণ ৰাজনীতিত বহু ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ৰাজনৈতিক ক্ষমতাইহে সফলতা লাভ কৰিব পাৰে। সেই কথা আজি ৰাজনীতিকে ভালদৰে বুজে। আৰু দক্ষিণ ভাৰতৰ আঞ্চলিক দলবোৰে বিজেপিৰ বিৰোধিতা কৰাৰ প্ৰেক্ষাপট আৰু অসমৰ প্ৰেক্ষাপট একে নহয়।

উদাহৰণস্বৰূপে অন্ধ্ৰ প্ৰদেশত তেলুগু দেশমৰ মূল প্ৰতিদ্বন্দ্বী ৱাই এছ আৰ কংগ্ৰেছহে। তাত বিজেপি শক্তিশালী নহয়। বিজেপিৰ পৰা আঁতৰি আহি তেলুগু জাতীয়তাবাদ কৰিব পাৰে। কিন্তু অসমত অগপৰ ভেটি সিংহভাগ কেতিয়াবাই বিজেপিয়ে নিলে। সেই দিশৰ পৰা তেলুগু দেশমৰ দৰে অগপই বিজেপিক উভতি ধৰাৰ কথা ভাবিব নোৱাৰে। এয়া ৰাজনৈতিক বাস্তৱ। আৰু এই ৰাজনৈতিক বাস্তৱৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে অগপ-বিজেপিৰ মিত্ৰতা। ইয়াৰ বাবেই অব্যাহত থাকিব পাৰে দল দুটাৰ মিত্ৰতা।

লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক

Recent News

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd