১৫ তম অচ্যুত বৰুৱা সোঁৱৰণী আন্ত:জিলা পুৰুষ মহিলা হেণ্ডবলত শিৱসাগৰৰ পুৰুষ-মহিলা উভয় দলৰে চূড়ান্ত খিতাপ দখল

অচ্যুত বৰুৱা সোঁৱৰণী হেণ্ডবল প্ৰতিযোগিতাৰ পুৰুষ শাখাৰ চূড়ান্ত বিজয়ী দলটোৱে ট্ৰফী গ্ৰহণ কৰাৰ মুহূৰ্ত

ডিমৌ হেণ্ডবল ক্লাৱৰ উদ্যোগত সমুহ ডিমৌবাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাজহুৱা খেলপথাৰত ৪-৬ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা ১৫ তম অচ্যুত বৰুৱা সোঁৱৰনী আন্ত:জিলা  পুৰুষ মহিলা হেণ্ডবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল দুখন অনুষ্ঠিত হয় পুৰুষৰ শাখাত ঘৰুৱা দল শিৱসাগৰ জিলা বনাম তামুলপুৰৰ মাজত আৰু মহিলা শাখাত শিৱসাগৰ জিলা বনাম নলবাৰী জিলাৰ মাজত ।

দিবা নৈশ খেলখনত পুৰুষৰ শাখাত ছেমিফাইনেলত শিৱসাগৰ জিলাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি শোণিতপুৰ জিলাক ২০–১৪ গলত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে তামুলপুৰ জিলাই এল এন আই পিক ২২–২০ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

ইফালে ছেমি ফাইনেলত মহিলাৰ শাখাত শিৱসাগৰ জিলাই ডিব্ৰুগড় জিলাক ১৬–১ গলত পৰাস্ত কৰি  ফাইনেলত প্ৰৱেশ কৰে । আনহাতে, নলবাৰী জিলাই তিনিচুকীয়াক ৮–৭ গলত পৰাস্ত কৰি ফাইনেলত শিৱসাগৰ  জিলাৰ মুখামুখি হয় । ইফালে সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত মহিলাৰ শাখাত শিৱসাগৰ আৰু নলবাৰীৰ মাজত অনুষ্ঠিত খেলখনত শিৱসাগৰৰ ছোৱালী দলটোৱে নলবাৰী জিলাক ২৬-৩ গলৰ ব্যৱধানত অতি শোচনীয়ভাৱে পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মানৰ খিতাপ দখল কৰে।

শিৱসাগৰ জিলা আৰু তামুলপুৰ জিলাৰ মাজত অনুষ্ঠিত পুৰুষৰ ফাইনেলৰ পূৰ্বে যাদৱ চাংমাইৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “খেলপথাৰ” উন্মোচন কৰে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ন পাটোৱাৰীয়ে । পুৰুষৰ চূড়ান্ত খেলখনত শিৱসাগৰ দলে  তামুলপুৰক ১৮-৬ গলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন  কৰিবলৈ সক্ষম হয় ।  অগণন  দৰ্শকৰ উপস্তিতিত তামুলপুৰৰ শক্তিশালী অভেদ্য দুৰ্গত প্ৰতিটো মিনিটতে আঘাট হানিবলৈ সক্ষম হয় ঘৰুৱা দল জিলা শিৱসাগৰে ।

পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান  লাভ কৰে শিৱসাগৰৰ (গলৰক্ষক) লাটু ভট্ৰাচাৰ্যই , মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে গীতাঞ্জলী খদালে । বিজয়ী দলকেইটাক অচ্যুত বৰুৱা সোঁৱৰনী ট্ৰফি প্ৰদান কৰে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ন পাটোৱাৰী আৰু জেষ্ঠ উপ সভাপতি ললিত গগৈয়ে। নিশালৈ অসমৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীৰ সাংস্কৃতিক মনোমোহা অনুষ্ঠানেৰে সামৰণি পৰে।